বৰপেটা, ২০ অক্টোবৰঃ বৰপেটাৰ মৃৎ শিল্পী সকলে পুৰণিকলীয়া পদ্ধতিৰে নিৰ্মাণ কৰি আহিছে মাটিৰ বাচন-বৰ্তন ৷ বৰপেটাত মৃৎ শিল্পীসকলক আধুনিক পদ্ধতিৰে বৈদ্যুতিক যন্ত্ৰৰ সহায়ত মাটিৰ পাত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ প্ৰদান কৰিছে এক্সেছ ডেভলপমেন্ট চাৰ্ভিছ নামৰ এনজিঅ'টোৱে ৷ বৰপেটাৰ সুন্দৰীদিয়াত নাবাৰ্ডে দক্ষতা উন্নয়ন প্ৰকল্পৰ (স্কিল ডেভলপমেন্ট প্ৰজেক্ট)ৰ দ্বাৰা এক্সেছ ডেভলপমেন্ট চাৰ্ভিছ এনজিঅ'ৰ জৰিয়তে ৩০ গৰাকী মৃৎ শিল্পীক প্ৰশিক্ষণ প্ৰদান কৰি আছে ৷
মৃৎ শিল্পী সকলে মাটিৰ পাত্ৰ নিৰ্মাণেৰে পোহপাল দি আহিছে পৰিয়াল ৷ এসময়ত মাটিৰ পাত্ৰৰ আছিল যথেষ্ট চাহিদা ৷ কিন্তু বৰ্তমান সময়ত প্লাষ্টিকৰ সামগ্ৰীৰ আগ্ৰাসনে বহুখিনি চাহিদা হ্ৰাস কৰিলে মাটিৰ পাত্ৰৰ ৷ সেয়ে মৃৎ শিল্পী সকলৰ জীৱন সংগ্ৰামত সহায়ৰ বাবে নাবাৰ্ডে হাতত লৈছে দক্ষতা উন্নয়নৰ এক প্ৰকল্প ( স্কিল ডেভলপমেন্ট প্ৰজেক্ট) ৷ বৰপেটাত ৩০ গৰাকীকৈ মৃৎ শিল্পীক দিয়া হৈছে বৈদ্যুতিক যন্ত্ৰৰ চাক ব্যৱহাৰ কৰি মাটিৰ পাত্ৰৰ লগতে খাচা ব্যৱহাৰ কৰি মাটিৰ গ্লাচ, বটল আদিৰ লগতে আন-আন পাত্ৰসমূহ নিৰ্মাণৰ প্ৰশিক্ষণ প্ৰদান কৰিছে এনজিঅ'টোৱে ৷
আনহাতে,মৃৎ শিল্পীসকলে আঁকোৱালি ল'ব বিচাৰিছে এই নতুন পদ্ধতিক ৷ বৈদ্যুতিক যন্ত্ৰৰ সহায়ত মাটিৰ পাত্ৰ নিৰ্মাণ কৰিব পৰিলে কম সময়তে অধিক পাত্ৰ নিৰ্মাণ কৰি তেওঁলোকে লাভবান হ'ব বুলি মন্তব্য কৰে শিল্পী সকলে৷ কিন্তু এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰলৈ অনুৰোধ কৰে শিল্পী সকলে ৷
উল্লেখ্য যে,মাটিৰ পাত্ৰবোৰ নিৰ্মাণৰ পিছত মৃৎ শিল্পী সকলে পাত্ৰবোৰ পুৰিবলৈ ব্যৱহাৰ কৰে কাঠ, গোৱৰ আৰু জাৱৰ ৷ মৃৎ শিল্পী সকলক এনেদৰে প্ৰশিক্ষণ দি চৰকাৰে সাহায্য প্ৰদান কৰি বৈদ্যুতিক যন্ত্ৰৰ ব্যৱস্থা কৰিলে মৃৎ শিল্পী সকল ব্যৱসায়ীক দিশত লাভৱান হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে এনজিঅ'টোৰ কৰ্মকৰ্তা সকলে ৷
অন্য এক খবৰৰ বাবে: জুইৰ শিখাৰে অংকণ বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি