ETV Bharat / state

লক্ ডাউনৰ যোগাত্মক প্ৰভাৱ : হ্ৰাস পাইছে সাধাৰণ ৰোগ !

author img

By

Published : Apr 30, 2020, 9:12 PM IST

বিশ্বজুৰি অব্যাহত আছে কৰ'ণা ভাইৰাছৰ ত্ৰাস ৷ যাৰ ফলত বিশ্বৰ ভিন্ন দেশৰ লগতে ভাৰততো ঘোষণা কৰা হৈছে লক্ ডাউন ৷ এই সময়চোৱাত অসমতো ৰাইজক সজাগতা অৱলম্বনৰ বাবে নিৰ্দেশ দিছে প্ৰশাসনে ৷ যিকোনো অভাৱনীয় পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে সাজু কৰি ৰাখিছে ৰাজ্যৰ ছখনকৈ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসাকক্ষ ৷ সাধাৰণ ৰোগীৰ বাবে বৰ্হিবিভাগৰ সাধাৰণ চিকিৎসা সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল গুৱাহাটী,যোৰহাট আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ৷

spread of seasonal diseases has decreased

নিউজ ডেস্ক, 30 এপ্ৰিল : যি সময়ত সকলোৱেই কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজত নামিছে, সেই সময়ত পৰিলক্ষিত হৈছে এটা যোগাত্মক দিশ ৷ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে জনসাধাৰণ সজাগ হোৱাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিছে ৷ যাৰ ফলত আন কেতবোৰ ৰোগ যেনে সাধাৰণ পানীলগা, জ্বৰ, কাহ, কলেৰা আদিৰ প্ৰাদুৰ্ভৱ হ্ৰাস পাইছে ৷ অসমৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়তেই হ্ৰাস পাইছে বৰ্হিবিভাগৰ ৰোগীৰ সংখ্যা ৷

এই সময়চোৱাত ডেংগি, জাপানীজ এনকেফেলাইটিছ আদি ৰোগৰ সংক্ৰমণ হয় যদিও মানুহৰ মাজত বৃদ্ধি পোৱা স্বাস্থ্য সচেতনতা, হাত ধোৱা, মাস্ক পৰিধান কৰা, পৰিস্কাৰ-পৰিচন্নতাৰ প্ৰতি গুৰুত্ব প্ৰদান আদিৰ বাবে ৰোগ সংক্ৰমণ হ'ব পৰা নাই বুলি মন্তব্য কৰিছে বৰপেটা মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক ডাঃ ববীজিৎ গোস্বামীয়ে ৷

তাৰোপৰি সাধাৰণ দিনত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত 900 ৰ পৰা 1000 ৰোগী চিকিৎসাৰ বাবে আহে যদিও বৰ্তমান পৰিস্থিতিত এই সংখ্যা হ্ৰাস পোৱা বুলি জানিবলৈ দিছে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱাই ৷

লক্ ডাউনৰ যোগাত্মক প্ৰভাৱ : হ্ৰাস পাইছে সাধাৰণ ৰোগ !

অসমত বৰ্তমান আছে, 27 খন জিলা চিকিৎসালয়, 4621 খন উপ স্বাস্থ্যকেন্দ্ৰ আৰু 1014 খন ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰ ৷ এই সকলোতে বৰ্তমান সময়ত জৰুৰীসেৱা সমূহ অব্যাহত আছে যদিও সাধাৰণ বৰ্হিবিভাগত ৰোগীৰ সংখ্যা হ্ৰাস পাইছে ৷ জনসাধাৰণ সজাগ হোৱাৰ বাবেই এইদৰে কিছুমান ৰোগ স্বাভাৱিকভাৱে দমন হবলৈ ধৰিছে ৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত 160 খন বিচনা আৰু আপাতকালীন কক্ষৰ 4 খন বিচনা COVID19ৰ সৈতে যুঁজ দিবৰ বাবে সাজু কৰা হৈছে ৷ কিন্তু চিকিৎসালয়খনত পূৰ্বতকৈ সাধাৰণ ৰোগীৰ সংখ্যা হ্ৰাস পোৱা বুলি জনালে শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে ৷

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালতো অনুৰূপ ধৰণেই হ্ৰাস পাইছে সাধাৰণ ৰোগীৰ সংখ্যা ৷ লক্ ডাউনৰ বাবে যাতায়ত ব্যাহত হোৱাৰ ফলত একাংশ লোক চিকিৎসাৰ বাবে আহিব পৰাই নাই যদিও জনসাধাৰণ সজাগতাই এই সাধাৰণ ৰোগ সমূহ প্ৰতিহত কৰাত অৰিহণা যোগাইছে ৷ কৰ'ণা মহামাৰীয়ে ত্ৰাস সৃষ্টি কৰাৰ ফলত যি লক্ ডাউন ঘোষণা কৰা হৈছে, এই লক্ ডাউনে কেৱল কৰ'ণাৰ পৰাই নহয় আন কেতবোৰ ৰোগৰ পৰাও পৰিত্ৰাণ দিছে জনসাধাৰণক ৷

লগতে পঢ়ক : পানী মেটেকাৰে ক্ষুধা নিবাৰণ বৃ্দ্ধ দম্পতীৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.