জনীয়া, 18 ডিচেম্বৰ : অসমৰ শৈক্ষিক ক্ষেত্ৰৰ আমোল পৰিৱৰ্তনৰ বাবে চৰকাৰে বিশেষ উদ্যোগ লৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে । এখনৰ পাছত আনখনকৈ স্থাপন কৰিছে বিশ্ববিদ্যালয় । গ্ৰহণ কৰিছে সংস্কাৰমূলক ব্যৱস্থা । কিন্তু শৈক্ষিক উত্তৰণৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে ৰাজ্যৰ শিক্ষাখণ্ডৰ পুতৌলগা ছবিখন উন্মোচিত হৈছে (Poor school infrastructure in barpeta) ।
এতিয়াও গোহালি সদৃশ পৰিৱেশত পাঠদান কৰা হয় ৰাজ্যৰ একাংশ বিদ্যালয়ত । শিক্ষাৰ্থীৰ বহিবলৈ অভাৱ ডেস্ক-বেঞ্চৰ । বৰষুণ দিলেই একাঁঠু পানী জমা হয় শ্ৰেণীকোঠাত ।
শিক্ষাখণ্ডৰ উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনতে দেখিবলৈ পোৱা গৈছে বৰপেটা জিলাৰ মন্দিয়া প্ৰাথমিক শিক্ষাখণ্ডৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ পুতৌলগা ছবি ৷ বিদ্যালয়খন হৈছে মন্দিয়া প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত কালামপুৰ চৰ বালিকা প্ৰাথমিক বিদ্যালয় (Kalampur Char Balika LP School at Mondia) ৷ বহু অসুবিধাৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলে দীৰ্ঘদিন ধৰি শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে এই বিদ্যালয়খনত ।
এই বিদ্যালয়খনত কোঠা বুলিবলৈ নাই কোনো নিৰ্দিষ্ট কোঠা ৷ ফলত একেটা কোঠাতেই চলিছে পাঁচটাকৈ শ্ৰেণীৰ পাঠদান ৷ একপ্ৰকাৰ মুকলি আকাশৰ তলতে পাঠদান কৰিবলগীয়া হৈছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে ৷
আনফালে, বিদ্যালয়খনত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, নাই খেল-ধেমালিৰ সামগ্ৰী (no basic amenities in school)। অঞ্চলটোৰ দৰিদ্ৰ লোকসকলৰ বাবে চৰকাৰী শিক্ষানুষ্ঠান হিচাপে একমাত্ৰ ভৰষাৰ থলী এই বিদ্যালয়খন । বিদ্যালয়খনৰ দুৰৱস্থাৰ কথা বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো অৱগত কৰা হয় ৷ যদিও আজিপৰ্যন্ত দৃষ্টিগোচৰ নহ'ল ৰাজ্য চৰকাৰৰ ৷
প্ৰতিটো দিশৰে উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰ তথা শিক্ষামন্ত্ৰী এই বিদ্যালয়খনৰ দুৰৱস্থাৰ কথা বুজি পাবনে ? ইতিমধ্যে শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থী আৰু অঞ্চলটোৰ ৰাইজে বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে । অতি শীঘ্ৰে বিদ্যালয়খন পাঠদানৰ অনুকূল কৰাৰ লগতে সকলো সমস্যা সমাধানৰো দাবী জনাইছে শিক্ষাৰ্থী আৰু অভিভাৱকসকলে ।
লগতে পঢ়ক : Poor school infrastructure: কেঁচা ঘৰৰ বিদ্যালয়ৰ তালিকাৰ শীৰ্ষত অসম