বৰপেটা, ১ জুনঃ আমিনগাঁৱৰ পৰা বৰপেটা,জনীয়া,ভায়া লাংলা হৈ দক্ষিণ শালমাৰালৈ যোৱা প্ৰায় ডেৰশ কিলোমিটাৰ বিকল্প ৰাজ্যিক ঘাইপথটোৰ পশ্চিমৰ পৰা চেনিমাৰি আৰু পূৱ ফালৰ পৰা আদিতপুৰলৈ কাম কৰি প্ৰায় সম্পূৰ্ণ হৈছে । কিন্তু এই ডেৰশ কিলোমিটাৰ পথছোৱাৰ কলগাছিয়া ৰাজহ চক্ৰৰ এলেকাধীন ক্ষুদ্ৰকুচি গাঁৱত বৰ্তমানেও সম্পূৰ্ণ হৈ উঠা নাই মাত্ৰ দুই কিলমিটাৰ পথ । আৰু এই দুই কিলোমিটাৰ পথে দুৰ্ভোগ ভোগাইছে স্থানীয় ৰাইজক ।
![কলগাছিয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/terriblecommute_01062020102807_0106f_1590987487_429.jpeg)
এই ক্ষেত্ৰত স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰাৰ উপৰিও মুখ্যমন্ত্ৰীৰ ওচৰত পথছোৱাৰ মেৰামতিৰ বাবে দাবী জনাইও কোনো ধৰণৰ সুফল পোৱা নাই বুলি উল্লেখ কৰে ।
আনহাতে,স্থানীয় ৰাইজে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি মেৰামতি কৰিবলৈ ৰোৱা এই ঠাই খিনিত ২০১১ চনত চাৰ্ভে হৈছিল। কিন্তু ছাৰ্ভেৰ দায়িত্বত থকা লোকসকলে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত সময়মতে প্ৰতিবেদন দাখিল নকৰাৰ বাবেই দুই কিলোমিটাৰ ৰাস্তাখিনি বাদ পৰিছে বুলি স্থানীয় জানিবলৈ দিয়ে ।
উল্লেখ্য যে, দুয়ো ফালৰ পথছোৱাৰ কাম সম্পূৰ্ণ হৈ যোৱাৰ পাছত মাজৰ ঠাই খিনিত বিগত ৫-৬ বছৰত গড়কাপ্তানী বিভাগ,ঠিকাদাৰ আদি কোনো ফালৰ পৰা গুৰুত্ব প্ৰদান নকৰাৰ ফলত পথছোৱাত বহুতো গাতৰ সৃষ্টি হৈছে । যাৰ বাবে দৈনিক হৈ আহিছে সৰু বৰ দুৰ্ঘটনা। বোকা-পানী ছিটিকি যোৱাৰ ফলত বাটৰ পৰা ঘৰলৈ উভতি যাবলগীয়া হয় ছাত্ৰ-ছাত্ৰী । সেয়ে স্থানীয় ৰাইজে শীঘ্ৰেই পথছোৱাৰ কাম কৰি দিবলৈ অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ ওচৰত দাবী জনায় । এই ক্ষেত্ৰত স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগত পূৰ্ণ সহযোগ আগবঢ়োৱাৰ কথাও ব্যক্ত কৰে ।
লগতে চাওকঃ মুম্বাইৰ পৰা গুৱাহাটীত উপস্থিত প্ৰায় এহেজাৰ শ্ৰমিক