ETV Bharat / state

দুৰাৰোগ্য ৰোগত আক্ৰান্ত পুত্ৰৰ চিকিৎসাৰ বাবে পিতৃৰ সহায় প্ৰাৰ্থনা - থেলাছেমিয়া

দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ছটফটাইছে এটি দেৱশিশুৱে ৷ জনীয়া সমষ্টিৰ অন্তৰ্গত টাপেশ্বৰা গাঁৱৰ সাহেব আলী আৰু কহিনুৰ বেগমৰ 4বছৰীয়া পুত্ৰ শ্বাকিল আহমেদ আক্ৰান্ত হৈছে থেলাছেমিয়া নামৰ এক দুৰাৰোগ্য ৰোগত ৷ যাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোক এতিয়া প্ৰয়োজন হৈছে যথেষ্ট ধনৰাশিৰ ৷ সংবাদ মাধ্যমৰ জৰিয়তে সাহেব আলীয়ে বিচাৰিছে এতিয়া ৰাইজৰ সহায় ৷

poor-family-request-for-financial-help-for-sons-treatment
দুৰাৰোগ্য ৰোগত আক্ৰান্ত পুত্ৰৰ চিকিৎসাৰ বাবে পিতৃৰ সহায় প্ৰাৰ্থনা
author img

By

Published : Jan 19, 2021, 10:29 AM IST

Updated : Jan 19, 2021, 10:39 AM IST

জনীয়া,19 জানুৱাৰী: দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ছটফটাইছে এটি কণমানিয়ে ৷ জানিব পৰা মতে,জনীয়া সমষ্টিৰ অন্তৰ্গত টাপেশ্বৰা গাঁৱৰ সাহেব আলী আৰু কহিনুৰ বেগমৰ 4 বছৰীয়া পুত্ৰ শ্বাকিল আহমেদ আক্ৰান্ত হৈছে থেলাছেমিয়া নামৰ এক দুৰাৰোগ্য ৰোগত ৷ কণমানি শ্বাকিল আহমেদক মাহেকত দুই ইউনিটকৈ তেজৰ প্ৰয়োজন হয় যদিও সেইয়া দিবলৈ অসমৰ্থ পিতৃ সাহেব আলী ৷ ঠেলা চলাই কোনোমতে পৰিয়াল পোহপাল দিয়া সাহেব আলীৰ ঘৰত এতিয়া বিৰাজ কৰিছে ঘোৰ অমানিশাই ৷ পুত্ৰ শ্বাকিলৰ চিকিৎসাৰ বাবে গৰু-ছাগলী,হাঁহ-কুকুৰাকে আদি কৰি নিজ পত্নীৰ সমস্ত গহণা পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হৈছে ঠেলা চালক সাহেব আলীয়ে ৷

দুৰাৰোগ্য ৰোগত আক্ৰান্ত পুত্ৰৰ চিকিৎসাৰ বাবে পিতৃৰ সহায় প্ৰাৰ্থনা

ইপিনে,চিকিৎসকে পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিবলৈ পৰামৰ্শ প্ৰদান কৰিছে যদিও আৰ্থিকভাৱে জুৰুলা পিতৃয়ে ধনৰ অভাৱত চিকিৎসকৰ ওচৰত নিব পৰা নাই পুত্ৰ শ্বাকিলক ৷ যাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোক এতিয়া প্ৰয়োজন হৈছে যথেষ্ট ধনৰাশিৰ ৷ সংবাদমাধ্যমৰ জৰিয়তে সাহেব আলীয়ে বিচাৰিছে এতিয়া ৰাইজৰ সহায় ৷ কোনো সদাশয় ব্যক্তিয়ে দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচাৰিলে শ্বাকিলৰ মাতৃ কহিনুৰ বেগমৰ 38244693813IFC-SBIN-5091 একাউণ্টৰ যোগেদি আৰ্থিকভাৱে সহায় কৰিব পাৰে ৷ তদুপৰি দুৰ্ভগীয়া পৰিয়ালটোৰ সৈতে 6003042365 নম্বৰত ফোন কৰি যোগাযোগ কৰিব পাৰিব বুলিও উল্লেখ কৰে পৰিয়ালৰ লোকে ৷

লগতে পঢ়কঃ অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীত চীনৰ হাইড্ৰ’ পাৱাৰ প্ৰকল্প স্থাপন

Last Updated : Jan 19, 2021, 10:39 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.