ETV Bharat / state

Kalgachia sub health centre: ভূত বাংলাত পৰিণত কলগাছিয়াৰ চৰচৰীয়া উপ-স্বাস্থ্যকেন্দ্ৰ

ভূত বাংলাত পৰিণত কলগাছিয়াৰ চৰচৰীয়া উপ-স্বাস্থ্যকেন্দ্ৰ । স্বাস্থ্য সেৱাৰ পৰিৱৰ্তে সম্প্ৰতি সাপ, ভেকুলী, মৌ-মাখিৰ বাসস্থান হৈ পৰিছে কেন্দ্ৰটো । শীঘ্ৰে কেন্দ্ৰটো মেৰামতি কৰি স্বাস্থ্যসেৱা আগবঢ়াবলৈ দাবী জনাইছে ৰাইজে ।

Poor condition of Kalgachia sub health centre
কলগাছিয়াৰ চৰচৰীয়া উপ-স্বাস্থ্যকেন্দ্ৰ
author img

By

Published : Jul 28, 2023, 1:47 PM IST

কলগাছিয়াৰ চৰচৰীয়া উপ-স্বাস্থ্যকেন্দ্ৰ

জনিয়া, ২৮ জুলাই: আছে গৰু নাবাই হাল সেই গৰু থকাতকৈ নথকাই ভাল ! উক্ত বাক্যৰ দৰে পৰিণত হৈছে কলগাছিয়াৰ চৰচৰীয়া উপ-স্বাস্থ্যকেন্দ্ৰটো । উল্লেখযোগ্য যে, জনীয়া সমষ্টিৰ কলগাছিয়া মহকুমা স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত চৰচৰীয়া গাঁৱত ২০১১ চনত তদানীন্তন বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে এটা উপ স্বাস্থ্যকেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছিল ৷ কিন্তু আধাৰশিলা স্থাপনৰ প্ৰায় ১২ বছৰ উকলি যোৱাৰ পাচতো আজিলৈ ৰাইজৰ সেৱাত উচৰ্গিত নহ’ল উপ স্বাস্থ্যকেন্দ্ৰটো ।

অভিযোগ অনুসৰি, বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে গৃহটো অৰ্ধনিৰ্মিত অৱস্থাত পেলাই থৈ ঠিকাদাৰ গুচি যোৱাৰ ফলত ভূত বাংলাত পৰিণত হৈছে চৰচৰীয়া উপ-স্বাস্থ্যকেন্দ্ৰটো । সম্প্ৰতি স্বাস্থ্যসেৱাৰ পৰিৱৰ্তে হাবি, জংঘল, সাপ, ভেকুলী আৰু মৌ-মাখিৰ বাসস্থান হৈ পৰিছে স্বাস্থ্যকেন্দ্ৰটো । একাংশ ৰাইজৰ অভিযোগ অনুসৰি জনিয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু বিভাগীয় কৰ্তৃপক্ষক বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো তেওঁলোকে এই ক্ষেত্ৰত কোনো কানসাৰ দিয়া নাই ।

নিৰ্বাচনৰ সময়ত এওঁলোকে ভোটৰ স্বাৰ্থত গাঁওখনত উপস্থিত হৈ বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনত জয়ী হোৱাৰ পাচত কোনো এটা দিন খবৰ নোলোৱাৰ অভিযোগ ৰাইজৰ । উল্লেখ্য যে এইখন চৰচৰীয়া গাঁৱত প্ৰায় ২০ হাজাৰ মানুহ বসবাস কৰে যদিও নাই এটা উপ স্বাস্থ্যকেন্দ্ৰ । ফলত স্থানীয় লোকে গৰ্ভৱতী মহিলাৰ লগতে অন্য ৰোগীক কান্ধ নাইবা ঠেলাত তুলি অনা-নিয়া কৰিবলগীয়া হয় কলগাছিয়া নাইবা হাউলিলৈ ।

ৰাইজৰ দাবী চৰকাৰে ল’বনে কোনো বিহিত ব্যৱস্থা । নে এনেদৰেই চলি থাকিব চৰকাৰী ধনৰ অপচয় । স্থানীয় লোকে অতি শীঘ্ৰেই কেন্দ্ৰটো মেৰামতি কৰি অঞ্চলটোত উন্নতমানৰ স্বাস্থ্য সেৱা আগবঢ়াবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কক আহ্বান জনাইছে ।

লগতে পঢ়ক: সাপ-ভেকুলীৰ আশ্ৰয়স্থললৈ পৰ্যবসিত ৰুবিৰভিটা উপ স্বাস্থ্যকেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.