ETV Bharat / state

অংগনবাদী গৃহ নিৰ্মাণৰ নামত ঠিকাদাৰৰ দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Apr 23, 2021, 9:22 PM IST

পাঠশালাত অংগনবাদী গৃহ নিৰ্মাণত দুৰ্নীতি । তিনি ইঞ্চি বেৰ দিয়েই সম্পুৰ্ণ কৰিছে গৃহ নিৰ্মানৰ কাম ৷ এই কাণ্ডৰ পিছত পুনৰ এবাৰ উন্মোচিত হৈছে শিশুৰ জীৱনক লৈ হেতালি খেলা সমাজ কল্যাণ বিভাগৰ নগ্ন স্বৰূপটো ।

poor-anganwari-building-construction-in-pathsala-etv-bharat-news
অংগনবাদী গৃহ নিৰ্মাণত দুৰ্নীতি

পাঠশালা, 23 এপ্ৰিল : শিশু সুৰক্ষাৰ কাৰণে চৰকাৰে বিভিন্ন সময়ত বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰি আহিছে যদিও ধোঁৱাচাঙত পৰিণত হৈছে এই আঁচনি সমূহ ৷ তিনি ইঞ্চি বেৰ দিয়েই ঠিকাদাৰে গৃহ সম্পুৰ্ণ কৰাৰ অভিযোগ ৰাইজৰ ৷ এই আঁচনি সমূহৰ পৰা শিশু সকলৰ পৰিৱৰ্তে ঠিকাদাৰ আৰু বিষয়া কৰ্মচাৰীহে লাভবান হৈছে বুলি উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ । বজালী জিলাৰ পাঠশালাৰ বদনকুছি আৰু পিপলাত নিৰ্মাণৰ পিচতে জহি খহি যাব ধৰিছে চৰকাৰৰ অংগণবাদী গৃহ সমূহ । উন্মোচিত হৈছে শিশুৰ জীৱনক লৈ হেতালি খেলা সমাজ কল্যাণ বিভাগৰ নগ্ন স্বৰূপটো ।

অংগনবাদী গৃহ নিৰ্মাণত দুৰ্নীতি

নিম্ন মানৰ কামৰ বাবে যিকোনো মুহুৰ্ততে শিশুৰ মুৰতে ভাগি পৰিব পাৰে এই সমূহ গৃহ । চৰকাৰী আঁচনিৰ মতে, এনে গৃহত তিনি ইঞ্চিৰ বেৰ থাকিব নোৱাৰে যদিও ইয়াত ঠিকাদাৰে নিৰ্বাচন চলি থকাৰ সুযোগত নিশাৰ ভিতৰতে অতি নিম্ন মানৰ কাম কৰি চৰকাৰী ধনৰ শৰাধ কৰাত নামি পৰিছে । গৃহটিৰ টিনপাত, শৌচাগাৰৰ টেংকী আদিৰ অৱস্থা অতিকে পুতৌলগা । জিলা প্ৰশাসনক এই কেলেংকাৰী সন্দৰ্ভত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : ধুবুৰীত 84 জনলৈ বৃদ্ধি ক'ৰণাক্ৰান্ত ৰোগীৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.