ETV Bharat / state

গৰু চিণ্ডিকেটৰ মূল মাফিয়া খাইৰুল ইছলামৰ বাসগৃহত আৰক্ষীৰ তালাচী - নামে বেনামে অগাধ সম্পত্তিৰ মালিক

গৰু চিণ্ডিকেট চক্ৰৰ মূল মাফিয়া খাইৰুল ইছলামৰ বাসগৃহত আৰক্ষীৰ তালাচী ৷ বৰপেটাৰ হাউলী চহৰৰ নিজ বাসগৃহত হাউলী আৰক্ষীৰ অভিযান ৷ অবশ্যে এই অভিযানৰ সময়ত সাংবাদিকক ভিতৰত প্ৰবেশৰ অনুমতি দিয়া নাই আৰক্ষীয়ে ৷

police-raid-on-cow-mafia-khairul-islam-house-howly
গৰু চিণ্ডিকেট চক্ৰৰ মূল মাফিয়া খাইৰুল ইছলামৰ বাসগৃহত আৰক্ষীৰ তালাচী
author img

By

Published : May 30, 2021, 9:46 PM IST

বৰপেটা, 30 মে': শুকুৰবাৰে নিশা হাউলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গো মাফিয়া খাইৰুল ইছলামক ৷ শনিবাৰে বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই ৫ দিনৰ আৰক্ষী জিম্মাত গ্ৰহণ কৰিছিল খাইৰুল ইছলামক ৷ শুকুৰবাৰৰ পৰা তিনিদিন ধৰি চলা জেৰাৰ অন্তত গো মাফিয়াজনক লগত লৈ হাউলী আৰক্ষীয়ে তেওঁৰ নিজ বাসগৃহত আৰম্ভ কৰিছে তালাচী অভিযান ৷

গৰু চিণ্ডিকেট চক্ৰৰ মূল মাফিয়া খাইৰুল ইছলামৰ বাসগৃহত আৰক্ষীৰ তালাচী

উল্লেখ্য যে, বাঘবৰৰ কংগ্ৰেছ বিধায়ক দিলদাৰ ৰেজ্জা গৃহ বিভাগৰ সংসদীয় সচিব হিচাপে দায়িত্ব গ্ৰহণৰ সময়ৰ পৰাই খাইৰুল ইছলামে বিভিন্ন পক্ষক মেনেজ কৰি কাঠ, কয়লা, চাউলৰ লগতে গৰুৰ চিণ্ডিকেট চলাই আহিছিল ৷ মূলতঃ ৰাজ্যৰ পৰা বাংলাদেশলৈ চোৰাংভাৱে গৰু সৰবৰাহৰ মূল নায়ক হিচাপে পৰিচিত খাইৰুল ইছলামে বিগত সময়ত বিভিন্ন স্থানত নামে বেনামে অগাধ সম্পত্তিৰ মালিক হৈ পৰিছিল ৷ হাউলী চহৰৰ মাজমজিয়াত প্ৰাসাদোপম অট্টালিকাৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত তেওঁ সম্পত্তিৰ পাহাৰ গঢ়ি তোলা বুলি ৰাইজে অভিযোগ তুলি আহিছে ৷

খাইৰুল ইছলামক লগত লৈ দেওবাৰে হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত বৰুৱাৰ নেতৃত্বত প্ৰায় আঢ়ৈ ঘন্টা ধৰি তালাচী চলায় ৷ তালাচীৰ সময়ত গৰু মাফিয়াজনৰ বাসভৱনৰ পৰা কোনো আপত্তিজনক সামগ্ৰী বা নথিপত্ৰ জব্দ কৰিলে নেকি সেই বিষয়ে আৰক্ষীয়ে মুখ খোলা নাই ৷

তদন্তৰ স্বাৰ্থত এতিয়াই কোনো কথা প্ৰকাশ কৰিব বিচৰা নাই বুলি সাংবাদিকক জানিবলৈ দিছে হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ৷ ইপিনে অজস্ৰ ধন সম্পত্তিৰ গৰাকী খাইৰুল ইছলামে যাতে মেনেজ কৰি সাৰি যাব নোৱাৰে সেই সম্পৰ্কে ৰাইজে তীক্ষ্ণ নজৰ ৰাখিছে ৷

লগতে পঢ়ক : বিদ্যুৎ উপ সংমণ্ডলৰ কাণ্ডই চিন্তিত কৰি তুলিছে নাওবৈচাবাসীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.