বৰপেটা ২৭ এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেলী উদ্বোধন কৰিব বৰপেটা কেঞ্চাৰ হাস্পতালখন(PM Modi to inaugurate Barpeta cancer hospital) ৷ এক সুন্দৰ পৰিবেশত বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চৌহদত স্থাপন কৰা হৈছে হাস্পতালখন ৷ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে হাস্পতালখন নিৰ্মাণৰ কাম ৷ বৰপেটাৰ জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী আৰু বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰৰ(Barpeta Medical College Chief Superintendent Dr Ramen Talukdar) নেতৃত্বত উদ্বোধনী অনুষ্ঠানৰ সকলো প্ৰস্তুতি চলাই থকাই হৈছে ৷
আনহাতে বৰপেটাত কেঞ্চাৰ হাস্পতালখনৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বৰপেটাৰ সাংসদ আৰু বিধায়কসকল উপস্থিত থাকিব বুলি জানিব পৰা হৈছে ৷ হাস্পতালখন বৃহস্পতিবাৰে মুকলি হোৱাৰ পাছতেই বিয়লিৰ পৰাই আৰম্ভ হ’ব কেঞ্চাৰ ৰোগৰ চিকিৎসাও ৷ ইয়াৰ বাবে ইতিমধ্যে হাস্পতালখনত চিকিৎসক আৰু টেকনিছিয়ানকে ধৰি সকলো বিষয়া-কৰ্মচাৰী নিয়োগ কৰা হৈছে ৷
উল্লেখ্য যে, কেইবাটাও কাৰ্যসূচী হাতত লৈ বৃহস্পতিবাৰে ডিব্ৰুগড় আৰু কাৰ্বি আংলংত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ পৰাই ভাৰ্চুৱেলী ৰাজ্যৰ বিভিন্ন স্থানৰ মুঠ 7 খন কেন্সাৰ হাস্পতাল উদ্বোধন কৰিব(PM Modi to inaugurate cancer hospitals in Assam) । ইয়াৰ লগতে তেওঁ ডিব্ৰুগড়ৰ পৰাই আন ৭ খন কেঞ্চাৰ হাস্পতালৰ আধাৰশিলা স্থাপন কৰিব ৷
লগতে পঢ়ক : PM Modi's Assam visit : শ শ বাছেৰে ভৰি পৰিছে মৰাণ আৰু টিংখাং সমষ্টি