ETV Bharat / state

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাইজৰ দলক উস্ম আদৰণি ৰাইজৰ

author img

By

Published : Oct 4, 2020, 10:22 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাইজৰ দলক উস্ম আদৰণি ৰাইজৰ ৷ বিশ্বনাথ, মৰাণ আৰু কলগাছিয়াত ৰাইজৰ উস্ম আদৰণি ৷

People Welcome New Political party ' RAIJOR DOL'
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাইজৰ দলক উস্ম আদৰণি ৰাইজৰ

নিউজ ডেস্ক, 4 অক্টোবৰ : দেওবাৰে বিহালী সমষ্টিৰ বাঘমৰা মণ্ডল আৰু বিহালী মণ্ডলৰ যুটীয়া উদ্যোগত বৰগাঙত অনুষ্ঠিত হোৱা বিজেপি কাৰ্যকতা সন্মিলন তথা যোগদান সভাত বিহালীৰ বিভিন্ন জাতীয়তাবাদী সংগঠন আৰু কংগ্ৰেছকে ধৰি অন্যান্য দল সংগঠনৰ প্ৰায় 4 শতাধিক লোকে বিজেপি দলত যোগদান কৰে ।

বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত উপস্থিতিত সভাখনত যোগদান কৰা নতুন বিজেপি সদস্য সকলক আদৰণি জনাই মন্ত্ৰী গৰাকীয়ে । আনহাতে, মন্ত্ৰী গৰাকীয়ে কয় যে, ভাৰতবৰ্ষৰ অন্য দলৰ নীতি আদৰ্শ আৰু বিজেপি দলৰ মাজত পাৰ্থক্য আছে ৷ আনহাতে, নতুনকৈ জন্ম লাভ কৰা ৰাজনীতি দল কেইটাক আদৰণি জনায় মন্ত্ৰী গৰাকীয়ে ।

People Welcome New Political party ' RAIJOR DOL'
মৰাণৰ দৃশ্য

লগতে পঢ়ক : তেজপুৰস্থিত সেনাৰ গজৰাজ ক'ৰৰ 58তম প্ৰতিষ্ঠা দিৱস পালন

ইফালে, মৰাণতো 'কা' বিৰোধী 70 টা সংগঠনৰ উদ্যোগত 2 অক্টোবৰত ভূমিষ্ঠ হোৱা "ৰাইজৰ দল"ৰ মুখ্য আহ্বায়ক দ্বয় ক্ৰমে, লোহিত গগৈ আৰু মহেন্দ্ৰ দিহিঙ্গীয়াক উজনি অসমৰ মৰাণত বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনায় । চেপনৰ পৰা বাইক ৰেলীৰ কৰি মাহমৰা সমষ্টিৰ কাকতিবাৰী লোহিত গগৈৰ বাসগৃহলৈকে এই ৰেলী উলিওবা হয় । মৰাণৰ মাজমজিয়াৰ শিৱ মন্দিৰ সন্মূখত মৰাণ-কাকতিবাৰী-সোণাৰি সংযোগী পথত দুয়োজন নেতাক মৰাণৰ বিভিন্ন দল সংগঠনে ফুলাম গামোছাৰে উষ্ম আদৰণি জনায় । নেতা দুজনে বিজেপিৰ চৰম শোষণ আৰু প্ৰতাৰণা,প্ৰবঞ্চনা আৰু সীমাহীন দুৰ্নীতি বিৰুদ্ধে ভূমিষ্ঠ হোৱা ৰাইজৰ দলটোক 2021 চনত নিৰ্বাচনৰ জৰিয়তে মৰম আৰু আৰ্শীবাদ দিবলৈ আহ্বান জনায় ।

কলগাছিয়াৰ দৃশ্য

লগতে পঢ়ক : সুখবৰ: ৰাজ্যত হ্ৰাস পাইছে ক'ভিড সংক্ৰমণৰ হাৰ

আনাহতে, কলগাছিয়াতো ৰাইজৰ দলৰ অন্যতম আহ্বায়ক আশ্ৰাফুল ইছলামক ৰাইজে উস্ম আদৰণি জনাই । 2021 চনৰ অসম বিধানসভা নিৰ্বাচনৰ লক্ষ্যৰে দুই অক্টোবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত জন্ম লাভ কৰা ৰাইজৰ দলে দেওবাৰে দৌলাশালৰ পৰা বাইক ৰেলী আৰম্ভ কৰে ।

ইফালে, চেনিমাৰি হৈ কলগাছিয়ালৈ আহি থকা সময়ত কলগাছিয়া আৰক্ষীয়ে সন্ধিয়া হোৱাৰ অজুহাতত বাইক ৰেলী ছত্ৰভংগ দিয়ে । কলগাছিয়াত নতুন দলটোৰ অন্যতম আহ্বায়ক আশ্ৰাফুল ইছলামে সাংবাদিকৰ সতে হোৱা সাক্ষাৎকাৰত আৰক্ষীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে । 2021 চনৰ নিৰ্বাচনত আঞ্চলিকতাবাদী দল সমূহক একগোট কৰি ৰাজ্যৰ বিজেপি চৰকাৰক পৰাভূত কৰিবলৈ সক্ষম হব বুলি নেতা গৰাকীয়ে মন্তব্য প্ৰদান কৰে ।

লগতে পঢ়ক : জনীয়াত নাগৰিক সভাঃ 14 টা বিষয়ৰ ওপৰত আলোচনা আৰু সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.