ETV Bharat / state

তালাচী চলোৱাৰ নামত ধন সংগ্ৰহৰ অভিযোগ

পৰিবহণ বিভাগৰ একাংশ কৰ্মচাৰীয়ে দালাল নিয়োগ কৰাৰ অভিযোগ ৷ পাঠশালাত সন্দেহজনক ভাৱে ৰখাই থোৱা ট্ৰাকৰ হেণ্ডিমেনৰ বিস্ফোৰক ভাষ্য ৷

author img

By

Published : Jul 8, 2019, 7:18 PM IST

তালাচী চলোৱাৰ নামত ধন সংগ্ৰহৰ অভিযোগ

পাঠশালা, 8 জুলাই : ৰাষ্ট্ৰীয় ঘাইপথত পৰিবহণ বিভাগে তালাচী চলোৱাৰ নামত সংগ্ৰহ কৰে ধন ৷ ট্ৰাকৰ হেণ্ডিমেনৰ ভাষ্যত প্ৰকাশ পাইছে এনে তথ্য ৷ এনে কাৰ্যৰ বাবে পৰিবহন বিভাগৰ একাংশ কৰ্মচাৰীয়ে দালাল নিয়োগ কৰাৰ অভিযোগ ৷ ঘটনা অনুসৰি দুদিন পূৰ্বৰে পৰা পাঠশালাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত এটা নিৰ্মীয়মান পেট্ৰ’ল পাম্পৰ সন্মুখত সন্দেহজনক ভাৱে ৰখাই থোৱা আছিল AS 17 B 0238 নম্বৰৰ ট্ৰাকখন ৷ বিগত 3 জুলাইত তামুলপুৰ দিশৰ পৰা চিমেন্টত ব্যবহৃত জীপচাম পাউডাৰ কঢ়িয়াই অসমৰ বাহিৰলৈ নিয়াৰ উদ্দেশ্যে আহিছিল ট্ৰাকখন ৷ উক্তদিনা নলবাৰী পৰিবহণ বিভাগে অভাৰ লোড কৰি অনা অপৰাধত ট্ৰাকখন টিহুত জব্দ কৰে ৷ সেই সময়ত চালকগৰাকীয়ে লগে লগে গাড়ী এৰি পলাই যায় ৷ আৰু তেতিয়াই গাড়ীৰ পৰা 62 হেজাৰ টকা নোহোৱা হোৱা বুলি হেণ্ডিমেনে জানিবলৈ দিয়ে ৷ ইয়াৰ পাচত দুদিন টিহুত ৰাখি থৈ গাড়ীখন পাঠশালালৈ নিয়া হয় ৷ পাঠশালাৰ কোনো যুৱকে নলবাৰী পৰিবহণ বিভাগৰ অসাধু কৰ্মচাৰীৰ নিৰ্দেশত আশী হাজাৰ টকা আদায় নিদিয়া বাবে পাঠশালাত তেনেদৰে ৰাখি থোৱা বুলি জানিবলৈ দিয়ে গাড়ীৰ হেণ্ডিমেনে ৷

Intro:Pathsala enforcement collection

এনফৰ্চমেণ্ট ৰ তালাচী ৰ নামত বাৰু ৰাষ্ট্ৰীয় ঘাইপথ ত কি চলে ll

নলবাৰী ৰ পৰিবহন বিভাগে তালাচী কৰা গাড়ী পাঠশালাত ৰখাই থলে টকাৰ লোভত ll

ট্ৰাক ৰ হেণ্ডিমেন ৰ ভাষ্যত প্ৰকাশ পাইছে এনে তথ্য llBody:

Pathsala enforcement collection

পাঠশালাৰ,৮জুলাই:ৰাষ্ট্ৰীয় ঘাইপথ ত পৰিবহন বিভাগে বাৰু তালাচী চলোৱাৰ নামত মাথোঁ ধন সংগ্ৰহ ত হে ব্যস্ত থাকে নেকি l এনে কাৰ্য্য ৰ বাবে বাৰু পৰিবহন বিভাগে নিয়োগ কৰে নেকি দালাল l কাৰণ পাঠশালাত এখন ট্ৰাক সন্দেহ জনক ভাৱে ৰখাই থোৱাৰ পিছতে হেণ্ডিমেন ৰ ভাষ্যত প্ৰকাশ পাইছে এনে এনে সন্দেহ কৰাৰ কাৰণ l প্ৰাপ্ত ঘটনা অনুসৰি দুদিন পুৰ্বৰে পৰা পাঠশালাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ ত এটা নিৰ্মীয়মান পেট্ৰল পাম্পৰ সমুখত সন্দেহ জনক ভাৱে ৰখাই থোৱা আছিল AS 17 B 0238 নং ৰ ট্ৰাক এখন l অনুসন্ধান কৰি গম পোৱা গল যে বিগত 3 জুলাই তে বাকচা জিলাৰ তামুলপুৰ দিশৰ পৰা চিমেন্ট ত ব্যবহৃত জীপচাম পাউডাৰ কঢ়িয়াই অসমৰ বাহিৰলৈ নিয়াৰ উদ্দেশ্য আহিছিল ট্ৰাক খন l কিন্তু নলবাৰী পৰিবহন বিভাগ ৰ দ্বাৰা অভাৰ লোড কৰি অনা অপৰাধ ত ট্ৰাক খন জব্দ কৰে টিহু চক ত l চালক গৰাকী লগে লগে গাড়ী এৰি পলাই যায় l তেনে ক্ষণতে গাড়ী ৰ পৰা 62 হেজাৰ টকা গাড়ীৰ পৰা নোহোৱা হোৱা বুলি হেণ্ডিমেন এ জানিবলৈ দি এ l I ইয়াৰ পিছতে দুদিন টিহু ত ৰাখি থোৱাৰ পিছত পুনৰ গাড়ীখন পাঠশালা লৈ আনা হয় lপাঠশালাৰ কোনো যুবকে নলবাৰী পৰিবহন বিভাগৰ নিৰ্দেশ ত আশী হাজাৰ টকা আদায় নিদিয়া বাবে পাঠশালাত তেনেদৰে ৰাখি থোৱা বুলি জানিবলৈ দি এ গাড়ীৰ হেণ্ডিমেন গৰাকী এ l অৱশ্যে সংবাদ মাধ্যমৰ লোক এ ট্ৰাক খন ৰ ওছৰৰ পৰা আঁতৰি যোৱা পিছতে ৰহস্য জনক ভাৱে ট্ৰাক খন যথাস্থানৰ পৰা আঁতৰি যায় l প্ৰশ্ন হৈছে যে ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ পৰা টকা তুলিবলৈ বাৰু পৰিবহন বিভাগে নিয়োগ কৰিছে নেকি এচাম দালাল l যদি পৰিবহন বিভাগে নাজানে তেনেহলে কোনে বাৰু পাঠশালাত ৰাখি থৈছিল ট্ৰাক খন??
Conclusion:২ বাইট- ট্ৰাকৰ হেন্দিমেন
ভিডিঅ'-২
ফটো-২
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.