ETV Bharat / state

সমষ্টিবাসীৰ ৰোষত পৰিল কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদ

নদী গৰাখহনীয়া প্ৰতিৰোধৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ মূখথেচেকা খালে বিধায়ক শ্বেৰমান আলী আহমেদে। নিজ সমষ্টিৰ ৰাইজৰ ৰোষত পৰিল কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদ। উত্তপ্ত পৰিস্থিতিৰ মাজত ৰাইজৰ ওচৰত হেয় মানি আধাৰশিলা স্থাপন নকৰাকৈয়ে সভা ভংগ কৰি উভতি আহিব লগা হ'ল কংগ্ৰেছী বিধায়ক জন।

author img

By

Published : Feb 19, 2021, 6:58 AM IST

সমষ্টিবাসীৰ ৰোষত পৰিল কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদ
সমষ্টিবাসীৰ ৰোষত পৰিল কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদ

জনীয়া,19 ফেব্ৰুৱাৰী : বুধবাৰে বাঘবৰ সমষ্টিৰ মইনবৰীৰ জয়পুৰ-ঢাকালীয়াপাৰাত আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিব লগা হ'ল বিধায়ক শ্বেৰমান আলী আহমেদ। বৰপেটা জিলাৰ আই আৰু মানাহ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বৰপেটা জলসম্পদ সংমণ্ডলৰ শিতানত এক কোটি নব্বৈ লাখ টকা ব্যয় সাপেক্ষে "Pro Siltation measures to protect Joypur-Dhakaliapara area D/S of Paschim Moinbari from the erosion of river Aie-Manash"Phase-I আঁচনিৰ শুভাৰম্ভ কৰিব আহি ৰাইজৰ ৰোষত পৰিল স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদ ৷

বিধায়ক শ্বেৰমান আলীয়ে মুকলিকৈ নিজ দলৰ সাংসদ আব্দুল খালেকক সমালোচনা কৰাৰ বাবে ক্ষুদ্ধ হৈ পৰে একাংশ ৰাইজ । ইফালে স্থানীয় ৰাইজে পাৰ্কুপাইনৰ সলনি জিঅ'বেগেৰে কাম কৰিবলৈ দাবী জনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । অৱশেষত নিজ সমষ্টিৰ ৰাইজৰ ওচৰত হেয় মানি আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতি আহে বিধায়ক শ্বেৰমান আলী আহমেদ ।

লগতে পঢ়ক: মৰিগাঁৱৰ সদৰত 22 টাকৈ চি.চি.টিভি কেমেৰা সংস্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.