পাঠশালা,13 জানুৱাৰী : ৰাজ্যজুৰি হেঁপাহৰ ভোগালী বিহুক আদৰিবলৈ সকলো ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷ আজি উৰুকা, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা গৈছে ৷ সকলোৱে উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ বাবে প্ৰস্তুতি চলাইছে ৷
![পাঠশালাৰ বজাৰত ওলাইছে 40 কেজি ওজনৰ মাছ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10223763_kkkkkkk.jpg)
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল ভাবে পাঠশালাৰ মাছৰ বজাৰত আজি উভৈনদী হৈ পৰিছে বিভিন্ন ধৰণৰ মাছ ৷ 40 কেজি ওজনৰ এটা বৃহৎ আকাৰৰ বিকেট মাছ পাঠশালাবাসীৰ বাবে আজি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷
লগতে পঢ়কঃ বগাহাতীত পৰিণত গুৱাহাটীত ৪৫০ কোটি টকীয়া চিচিটিভি কেমেৰা সংস্থাপন আঁচনি