ETV Bharat / state

ভ্ৰাম্যমান থিয়েটাৰৰ 57 বৰ্ষঃ পাঠশালাৰ পৰা বিশেষ প্ৰতিবেদন

author img

By

Published : Oct 3, 2019, 12:03 AM IST

অসমৰ অন্যতম বিনোদনৰ মাধ্যম তথা ৰাইজৰ অতিকে আদৰৰ ভ্ৰাম্যমান থিয়েটাৰৰ আজি 57সংখ্যক স্থাপনা দিৱস ৷ আজিৰ দিনটোতে 1963 চনত পাঠশালাত স্থাপন হৈছিল প্ৰথমখন ভ্ৰাম্যমান থিয়েটাৰ ৷ স্বৰ্গীয় অচ্যুত লহকৰৰ প্ৰচেষ্টাত পাঠশালাত জন্ম পাইছিল নটৰাজ থিয়েটাৰে ৷ পাঠশালাবাসীয়ে উলহ-মালহেৰে কেক কাটি উদযাপন কৰে ভ্ৰাম্যমানৰ 57 সংখ্যক স্থাপনা দিৱস ৷

কেক কাটি উদযাপন ভ্ৰাম্যমানৰ স্থাপনা দিৱস

পাঠশালা, 2 অক্টোবৰঃ অসমৰ ৰাইজৰ মাজত অতিকে জনপ্ৰিয় তথা বিনোদনৰ অন্যতম জনপ্ৰিয় মাধ্যম হিচাপে ভ্ৰাম্যমান থিয়েটাৰ সকলোৰে পৰিচিত ৷ কিন্তু ৰাজ্যৰ বেছিভাগেই নাজানে যে, ক'ত কেনেকৈ কিদৰে জন্ম হৈছিল ভ্ৰাম্যমান থিয়েটাৰে ৷ কাৰ প্ৰচেষ্টাত আজিৰ অতিকে জনপ্ৰিয় এইসমূহ ভ্ৰাম্যমান থিয়েটাৰে বৰ্তমানৰ এই অৱস্থা পাবলৈ সক্ষম হৈছিল ?

নামনি অসমৰ অন্যতম প্ৰধান চহৰ হৈছে পাঠশালা ৷ বৃহত্তৰ বজালী মহকুমাৰ প্ৰাণকেন্দ্ৰ তথা শিক্ষানগৰী হিচাপে ৰাজ্যৰ ভিতৰতে এক বিশেষ সুনাম আছে পাঠশালাৰ ৷ পাঠশালাতে জন্ম হৈছিল ভ্ৰাম্যমান থিয়েটাৰৰ ৷ স্বৰ্গীয় অচ্যুত লহকৰে 1963 চনৰ 2 অক্টোবৰত প্ৰতিস্থা কৰিছিল ৰাজ্যৰ প্ৰথমখন ভ্ৰাম্যমান থিয়েটাৰ, নাম দিছিল নটৰাজ থিয়েটাৰ ৷ ইয়াৰ পূৰ্বেও পাঠশালা অঞ্চলত নাটকৰ প্ৰচলন আছিল আৰু যাত্ৰাপাৰ্টীৰ ৰূপত খুবেই প্ৰচলিত আছিল ৷ কিন্তু নাটকক এখন পূৰ্ণ মঞ্চ দিয়াৰ লগতে ব্যৱসায়ভিত্তিক তথা ইয়াৰ সৈতে জড়িত কলা-কুশলীসকলৰ জীৱনৰ মান উন্নত কৰাৰ লক্ষ্য আগত ৰাখিয়ে স্বৰ্গীয় অচ্যুত লহকৰে জন্ম দিছিল অসমৰ প্ৰথমটো ভ্ৰাম্যমান নাট্যদল নটৰাজ থিয়েটাৰৰ ৷ পাঠশালা চহৰৰ হৰিমন্দিৰ প্ৰাংগনত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হৈছিল বিখ্যাত ভোগজৰা নাটকখন আৰু এইদৰেই আৰম্ভ হৈছিল আজিৰ ভ্ৰাম্যমানৰ এই সুদীৰ্ঘ যাত্ৰা ৷

ভ্ৰাম্যমান থিয়েটাৰৰ 57 বৰ্ষ

পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগনত বৃহত্তৰ পাঠশালা বজাৰ কমিটি আৰু দুৰ্গা পূজা কমিটিৰ উদ্যোগত উদযাপন কৰা হয় ভ্ৰাম্যমানৰ 57সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ বুধবাৰে অনুষ্ঠিত হৈ যোৱা এই বিশেষ দিনটোত উপস্থিত আছিল আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়কে ধৰি পাঠশালা বজাৰ কমিটিৰ সভাপতি গিৰিধৰ চৌধুৰী আৰু বহুসংখ্যক জ্যেষ্ঠ লোক তথা বৃহত্তৰ নাট্য আন্দোলনৰ সৈতে জড়িত থকা লোকসকল ৷

কিন্তু এনেকুৱা এটা অনুষ্ঠানৰ জন্ম দিয়া ভ্ৰাম্যমানৰ পিতামহগৰাকীয়ে আজিলৈ লাভ নকৰিলে পাবলগীয়া সন্মান ৷ পাঠশালাৰ মাজেৰে বৈ যোৱা বিষন্নালা নৈৰ পাৰত থকা ভ্ৰাম্যমানৰ পিতামহগৰাকীৰ সমাধিস্থলত আজিও নপৰিল অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ দৰে বিয়াগোম বিভাগৰ চকু ৷ একেখিনি স্থানতে থকা বিখ্যাত কহিনুৰ থিয়েটাৰৰ প্ৰযোজক ৰতন লহকৰৰ সমাধিস্থলৰো একেই অৱস্থা ৷ বৰ্তমান সময়ত অসমত এক ব্যৱসায়লৈ ৰূপান্তৰিত হোৱা ভ্ৰাম্যমান থিয়েটাৰৰ আগশাৰীৰ নাট্যগোষ্ঠীসমূহেও এইক্ষেত্ৰত পাহৰিছে নিজৰ কৰ্তব্য তথা দায়িত্ব ৷ অসমৰ ৰাইজে বিশেষকৈ নামনি অসমৰ ৰাইজে ভ্ৰাম্যমান থিয়েটাৰক লৈ গৌৰৱ কৰিবলগীয়া বহুখিনি থল আছে ৷ কিন্তু আজিৰ দিনত বহুতেই ভ্ৰাম্যমানৰ ইতিহাস কিম্বা ইয়াৰ আতিগুৰিৰ বিষয়ে নজনাটো চৰম লজ্জাজনক কথা হিচাপে দেখা গৈছে ৷

Intro:Pathsala Birthday mobile theater

পাঠশালা ত ভ্ৰাম্যমাণৰ জন্মদিন উদযাপন ll

Body:Pathsala Birthday mobile theater

পাঠশালা, ২ অক্টোবৰ: পাঠশালা হৰি মন্দিৰত ভ্ৰাম্যমান থিয়েটাৰৰ 57 সংখ্যক জন্ম দিন উদযাপন কৰা হয় llপাঠশালা বজাৰ কমিতি য়ে অাজি এক অনুষ্ঠান আয়োজন কৰি কেক কাটি পালন কৰিলে ভ্ৰাম্যমাণ ৰ জন্মদিন ll আৱাহন থিয়েটাৰ ৰ প্ৰয়োজক কৃষ্ণ ৰয়ে অাজি অনুষ্ঠানত উপস্থিত হৈ কেক কাটি জন্মদিনৰ স্মৃতি ৰোমন্থন কৰে l উল্লেখযোগ্য যে1963 চনৰ 2 অক্টোবৰতে ভ্ৰাম্যমান থিয়েটাৰ ৰ জনক অচ্যুত লহকৰে নটৰাজ থিয়েটাৰ ৰ জৰিয়তে উক্ত স্হানত ভ্ৰাম্যমান থিয়েটাৰ জন্ম দিছিল অাৰু হৰিমন্দিৰত বজাৰ কমিতিৰ উদ্যোগতে হৈছিল প্ৰথম ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰদৰ্শনী হৈছিল অাৰু প্ৰদৰ্শিত হৈছিল প্ৰথম নাট ভোগজৰা ll
Conclusion:
Byte 2- কৃষ্ণ ৰয় ll

Byte1 - গিৰিধৰ চৌধুৰী l
. সভাপতি, পাঠশালা বজাৰ কমিতি ll

ভিডিঅ'-৩
ফটো-১

ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.