পাঠশালা , ১০জুনঃ "সমগ্ৰ দেশতেই সাম্প্ৰদায়িক ৰাজনীতি হ'লেও বৰপেটা লোকসভা নিৰ্বাচনত হিন্দু মুছলমানৰ ৰাজনীতি হোৱা নাই বাবে মই জিকিছো" এই মন্তব্য আব্দুল খালেকৰ। সোমবাৰে নৱ নিৰ্বাচিত সাংসদ জনক পাঠশালাত সম্বৰ্ধনা জনোৱাৰ পিছতে ৰাজনীতি সন্দৰ্ভত বিভিন্ন কথা ব্যক্ত কৰে সাংসদ গৰাকীয়ে ।
উল্লেখ্য যে, বজালী ব্লক কংগ্ৰেছৰ উদ্যোগত পাঠশালাত বিপুল ভাৱে সম্বৰ্ধনা জনোৱা হয় বৰপেটা লোকসভাৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকক । পাঠশালা প্ৰেছ-গীল্ড, প্ৰেছ ক্লাবকে ধৰি বজালীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা জনাই সাংসদ জনক ।