ETV Bharat / state

কি হ'ব এইবাৰ পাটাছাৰকুছিত ? হাইপ্ৰফাইল নেতাৰে ভৰিছে সমষ্টি !

author img

By

Published : Jan 16, 2021, 8:30 PM IST

অসম বিধানসভাৰ পাটাছাৰকুছি সমষ্টি । সমষ্টি নম্বৰ ৪২ । ধৰ্মীয় সংখ্যালঘু অধ্যুষিত বৰপেটা জিলাৰ এই সমষ্টিৰ ৰাইজে এতিয়াও সুযোগ পালেই প্ৰতিনিধিত্ব কৰে সুস্থ জাতীয়তাবাদক । অসম আন্দোলনৰ অন্যতম কেন্দ্ৰ ভূমি, ১৯৮৫ চনৰ নিৰ্বাচনত অভিলেখ সংখ্যক ভোটেৰে জাতীয়তাবাদী শিবিৰক শিৰোন্নত কৰি আগবাঢ়িবলৈ সাহস দিছিল এই পাটাছাৰকুছিয়ে । কিন্তু এতিয়া কোন দিশে এই পাটাছাৰকুছি ?

ভাৰতীয় নিৰ্বাচন আয়োগ
ভাৰতীয় নিৰ্বাচন আয়োগ

গুৱাহাটী,১৬ জানুৱাৰী: অসম বিধানসভাৰ ৪২ নম্বৰ সমষ্টি পাটাছাৰকুছি । বিধানসভাৰ এটা অন্যতম সন্মানজনক সমষ্টি পাটাছাৰকুছিৰ লগত জড়িত হৈ আছে অসম আন্দোলন আৰু জাতীয়তাবাদী ৰাজনৈতিক পৰম্পৰাৰ এক দীঘলীয়া ইতিহাস । সমাগত বিধানসভা নিৰ্বাচনলৈ সময় যিমানে চমু চাপিছে সিমানেই এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ বাবে ভিৰ কৰিছেহি কেইবাগৰাকীও হাই প্ৰফাইল নেতাই । সমষ্টিটোক বৰ্তমান প্ৰতিনিধিত্ব কৰি আছে বিধায়ক পবিন্দ্ৰ ডেকাই । অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে সমষ্টিটোৰ পৰা নিৰ্বাচিত পবিন্দ্ৰ ডেকাই ইতিমধ্যে অগপ এৰি নতুন দল অসম জাতীয় পৰিষদৰ কাৰ্যবাহী সভাপতিৰ দায়িত্ব লৈছে ।

ৰঞ্জিত কুমাৰ দাস
ৰঞ্জিত কুমাৰ দাস

অৰ্থাৎ তেওঁ এইবাৰ প্ৰতিদ্বন্দিতা কৰিব অসম জাতীয় পৰিষদৰ পৰাহে । আনহাতে, এইবাৰ এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ মন মেলিছে বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে । সৰভোগ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাটো নিৰাপদ নহ'ব বুলি ভাবি বিজেপিৰ সভাপতিগৰাকীয়ে বৰপেটাৰ একেবাৰে পশ্চিম প্ৰান্তৰ পৰা আহি জিলাখনৰ পূৱত থকা সমষ্টি পাটাছাৰকুছিত মনোনিৱেশ কৰাটো স্বাভাৱিকতেই লক্ষণীয় বুলি বিবেচিত হৈছে । মনকৰিবলগীয়া যে, পবিন্দ্ৰ ডেকা আৰু ৰঞ্জিত কুমাৰ দাসৰ প্ৰতিদন্দিতা প্ৰায় নিশ্চিত হোৱাৰ সময়ত এই সমষ্টিৰ পৰাই ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিব আন এগৰাকী সম্ভাৱনাপূৰ্ণ ৰাজনীতিক কমল কুমাৰ মেধিয়ে ।

আনহাতে, এইবাৰো এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব কংগ্ৰেছৰ ড০ মলয়া বৰ্মন অথবা শৈলেন কলিতাই । মলয়া বৰ্মন সমষ্টিটোৰ পূৰ্বৰ বিধায়িকা । মন কৰিবলগীয়া যে, এই সমষ্টিৰ পৰাই প্ৰতিদ্বন্দিতা কৰাৰ বাবে স্থানীয় আনন্দৰাম বৰুৱা একাডেমিৰ অধ্যক্ষ ৰনজিৎ ডেকাই অসম গণ পৰিষদত যোগ দিছে যদিও মিত্ৰতা অব্যাহত থাকিলে তেওঁৰ সেই আশা পূৰণ নহ'ব । তেওঁক অগপৰ পৰাই প্ৰতিদ্বন্দিতা কৰাৰ বাবে পঠিওৱা হ'ব ভবানীপুৰলৈ । বৰপেটাৰ প্ৰায় প্ৰতিটো সমষ্টিতে ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ আধিপত্য ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়ত পাটাছাৰকুছি জিলাখনৰ একমাত্ৰ সমষ্টি য'ত এতিয়াও বৰ্ণহিন্দু ভোটাৰৰ আধিপত্য অব্যাহত আছে ।

কমল কুমাৰ মেধি
কমল কুমাৰ মেধি

সেই বাবেই মুছলমানৰ ভোট নালাগে বুলি দম্ভ মৰা বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে বিজয় নিশ্চিত কৰাৰ বাবে পাটাছাৰকুছিলৈ ঢাপলি মেলিব বিচাৰিছে । এই সমষ্টিৰ পৰা ২০১১ চনত বিজেপিৰ প্ৰাৰ্থী হিচাপে কংগ্ৰেছ প্ৰাৰ্থীক ৪ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰাছিল মনোৰঞ্জন দাসে । গতিকে সমষ্টিটোত বিজেপিৰ কিছু পৰিমাণে হ'লেও সক্ৰিয় সংগঠন আছে । কিন্তু এনে পৰিস্থিতিত কি হ'ব জাতীয়তাবাদী শিবিৰৰ ! অসম আন্দোলনৰ পিছতে অনুষ্ঠিত ১৯৮৫ চনৰ বিধানসভাৰ নিৰ্বাচনত পাটাছাৰকুছি সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা আছিল ৮৪,২৯২ জন । ভোট দিছিল ৭৩,২৮৬ জনে। সমগ্ৰ নিৰ্বাচনটোত অভিলেখ সংখ্যক ৬৭,৪২৮ টা ভোট লাভ কৰি অভিলেখ গঢ়িছিল পবিন্দ্ৰ ডেকাই । শতাংশ হাৰত ৯২.০১% ।

পবিন্দ্ৰ ডেকা
পবিন্দ্ৰ ডেকা

কংগ্ৰেছৰ প্ৰাৰ্থী নগেন পাঠকে পাইছিল মাত্ৰ ৪,২৯৯টা ভোট । ইয়াৰ পিছত পবিন্দ্ৰ ডেকাই কেইবাবাৰো নিৰ্বাচনত জিকিছে । কিন্তু সেই অভিলেখ স্পৰ্শ কৰাটো তেওঁৰ বাবেই আজি দিবাস্বপ্ন । শেহতীয়া নিৰ্বাচনত (২০১৬) ডেকাই ভোট পাইছিল ৬৪,৫৫৮টা । শতাংশৰ হাৰত ৬১.৭২ শতাংশ । মুঠ ভোট (১,২৯,৭৮৫)ৰ ১২ শতাংশ পাইছিল কংগ্ৰেছ প্ৰাৰ্থী শৈলেন কলিতাই । সেইবাৰ পবিন্দ্ৰ ডেকাৰ বাবে উল্লিখিত ধৰণে ভোট পোৱা সম্ভৱ হৈছিল অগপ আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বাবেহে । কাৰণ ইয়াৰ আগৰবাৰ ২০১১ চনৰ নিৰ্বাচনত তেওঁ পৰাজয় বৰণ কৰিছিল বিজেপিৰ প্ৰাৰ্থী মনোৰঞ্জন দাসৰ হাতত । ২০০৬ চনত আকৌ তেওঁ পৰাজয় বৰণ কৰিছিল কংগ্ৰেছ প্ৰাৰ্থী মলয়া বৰ্মনৰ হাতত । ২০০১ চনৰ নিৰ্বাচনত পবিন্দ্ৰ ডেকা জিকিছিল মাত্ৰ ২১.৯৮ শতাংশ ভোট লৈহে । ভোট পাইছিল ১৬,৫৮৬ টা ।

বিজেপিৰ প্ৰাৰ্থী মনোৰঞ্জন দাস হাৰিছিল মাত্ৰ ৯১টা ভোটত । সেইবাৰ সমষ্টিটোত মুঠ ভোটাৰ আছিল ১,০৭,৬৫০ জন আৰু ভোট দিছিল ৭৬,৪৬৩ জনে । পবিন্দ্ৰ ডেকাৰ জয় বৰ সুখকৰ নাছিল । অৰ্থাৎ ১৯৮৫ৰ পৰৱৰ্তী নিৰ্বাচনী পৰিৱেশ বহু পৰিমাণে কংগ্ৰেছ বিৰোধীহে আছিল । কিন্তু কাৰ্যতঃ নিৰ্ভেজাল জাতীয়তাবোধ সম্পন্ন নাছিল । দেখা গৈছিল অগপ-বিজেপি মিত্ৰতাৰ বাবেহে পবিন্দ্ৰ ডেকাই ৬১ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল । ২০০৬ চনৰ নিৰ্বাচনত যেতিয়া কংগ্ৰেছ প্ৰাৰ্থী মলয়া বৰ্মনে বিজয় সাব্যস্ত কৰিছিল তেতিয়া পবিন্দ্ৰ ডেকাই মাত্ৰ ১৭১১৯টা ভোট পাই তৃতীয় স্থানত আছিল ।

সেইবাৰ বিজেপিৰ প্ৰাৰ্থী মনোৰঞ্জন দাসে ১৮৯২৫(২১.৫৬%)টা ভোট পাই দ্বিতীয় স্থানত আছিল । ২০১১ চনত মনোৰঞ্জন দাসে বিজয় সাব্যস্ত কৰে । প্ৰাক নিৰ্বাচনী পৰিস্থিতিৰ বিশ্লেষণে এই কথা নিশ্চিত কৰিছে যে, এইবাৰ পাটাছাৰকুছিৰ নিৰ্বাচনী যুঁজ চাৰিকোণীয়া হ'ব। বিজেপি, অসম জাতীয় পৰিষদ, কংগ্ৰেছ আৰু ৰাইজৰ দল । অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা কিম্বা নিৰ্বাচনী বুজাপৰা হ'ব বুলি চৰ্চা হৈছে যদিও পাটাছাৰকুছিৰ ক্ষেত্ৰত সেয়া সম্ভৱ নহ'ব।

কাৰণ পবিন্দ্ৰ ডেকা আৰু কমল কুমাৰ মেধি দুয়োগৰাকীয়ে নতুনকৈ জন্ম পোৱা দুটা দলৰ শীৰ্ষ নেতা । সমষ্টিটোৰ সম্ভাৱনাক এৰি আন সমষ্টিলৈ যাবলৈ কোনোজনেই সাজু নহ'ব । এনে পৰিস্থিতিত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰেই লাভ হোৱাৰ সম্ভাৱনা অধিক থাকে যদিও সাংগঠনিক দুৰ্বলতাৰ বাবে দলটোৱে সেই সম্ভাৱনা বাস্তৱায়িত কৰিব নোৱাৰিব বুলি চৰ্চিত হৈছে । ফলত মূল প্ৰতিদ্বন্দিতা বিজেপি আৰু আঞ্চলিকতাবাদী শিবিৰৰ মাজতে হোৱাটো নিশ্চিত ।

লগতে পঢ়ক:চিৰাঙত ১০০ গৰাকী স্বাস্থ্য কৰ্মীক COVID-১৯ৰ প্ৰতিষেধক প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.