ETV Bharat / state

চৰকাৰী ধন আত্মসাৎ কৰি অৱশেষত গ্ৰেপ্তাৰ গাঁও পঞ্চায়তৰ এজন সদস্য

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত সীমাহীন কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগত লাচাংগা গাঁও পঞ্চায়তৰ 5 নং খণ্ডৰ সদস্য তাইজ উদ্দীন নামৰ এজন গ্ৰেপ্তাৰ । অভিযোগ অনুসৰি, তাইজ উদ্দিনে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত দৰিদ্ৰ হিতাধিকাৰীৰ পৰা সংগ্ৰহ কৰিছিল ধন । তাইজ উদ্দীনৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ অন্তত জুলাই মাহৰ ১৯ তাৰিখে দাখিল কৰা হৈছিল এজাহাৰ ।

author img

By

Published : Aug 18, 2021, 3:57 PM IST

taiz-uddin-finally-arrested-in-barpeta-etv-bharat-assam
চৰকাৰী ধন আত্মসাৎ কৰি অৱশেষত গ্ৰেপ্তাৰ গাঁও পঞ্চায়তৰ এজন সদস্য

জনীয়া, 18 আগষ্ট : গ্ৰেপ্তাৰ হ’ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত সীমাহীন কেলেংকাৰী সংঘটিত কৰা লাচাংগা গাঁও পঞ্চায়তৰ 5 নং খণ্ডৰ সদস্য তাইজ উদ্দীন নামৰ লোকজন । উল্লেখ্য যে, পঞ্চায়ত সদস্য তাইজ উদ্দীনৰ বিৰুদ্ধে গাঁৱৰ কেইবাগৰাকী হিতাধিকাৰীয়ে ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু সেই সম্পৰ্কে সংবাদ মাধ্যমত বাতৰিও প্ৰকাশ পাইছিল। ইয়াৰ পিছতেই বিভাগীয় কৰ্তৃপক্ষই নিজাকৈ এক তদন্ত কৰি অভিযুক্ত পঞ্চায়ত সদস্য তাইজ উদ্দীনৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ।

এজাহাৰ দাখিল কৰাৰ পিছতেই পলায়ন কৰিছিল যদিও বুধবাৰে কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱানন্দ দাসৰ নেতৃত্বত তাইজ উদ্দীনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । তাইজ উদ্দীনক গ্ৰেপ্তাৰৰ পিছতেই সন্তুষ্টি প্ৰকাশ কৰি বৰপেটা জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ ছিকাৰীয়াই কয় যে, কোনো পঞ্চায়ত সদস্যই হওক অথবা কোনো বিষয়াই হওক, চৰকাৰী ধন আত্মসাৎৰ দৰে কাৰ্য্যত লিপ্ত হলে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ’ব । ইফালে আৰক্ষীয়ে অতি তৎপৰতাৰে তাইজ উদ্দীনক গ্ৰেপ্তাৰ কৰাকলৈও ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে দেশৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে বিভিন্ন সময়ত বিভিন্ন আঁচনি ৰূপায়ন কৰি আহিছে ৷ কিন্তু একাংশ জনপ্ৰতিনিধিয়ে কৰা দুৰ্নীতিৰ ফলত আঁচনিৰ সুবিধাসমূহ প্ৰকৃত হিতাধিকাৰীয়ে লাভ নকৰাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপন হৈ আহিছে ৷

কিছুদিন পূৰ্বে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বৰপেটাত এক উদ্ধোধনী অনুস্থানত উপস্থিত থাকি কংগ্ৰেছ(Congress) চৰকাৰৰ দিনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ(Pradhan Mantri Awas Yojana) নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনা (Pradhan Mantri Awas Yojana)ৰ অধীনত নিৰ্মিত এটা গৃহ মুকলি কৰাৰ সময়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Ranjeet Kumar Das) এই অভিযোগ উত্থাপন কৰিছিল ৷

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে, বিজেপি (BJP) চৰকাৰৰ দিনতহে যোগ্যজনে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিছে ৷ হিতাধিকাৰীৰ নামত পোনপটীয়াকৈ বেংক একাউণ্টযোগে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ ধন আৱণ্টনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(Narendra Modi) গ্ৰহণ কৰা পদক্ষেপৰো শলাগ লৈছিল বিভাগীয় মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক:ৰাজহ ফাঁকিৰে চলি অহা পাৰ্কিং প্লেচ ছীল প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.