ETV Bharat / state

বৰপেটাত মন্ত্ৰী নৱ কুমাৰ দলেৰ পৰ্যালোচনা বৈঠক

author img

By

Published : May 12, 2020, 9:06 PM IST

মঙলবাৰে বৰপেটাত উপস্থিত হৈ জিলাখনত চলি থকা পঞ্চায়ত আঁচনি সমুহৰ কাম কাজৰ পৰ্যালোচনা কৰে, ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেয়ে ।

pnrd minister naba kumar doley attended a review meeting in barpeta

বৰপেটা, ১২ মে': ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে আজি বৰপেটাত উপস্থিত হৈ জিলাখনত চলি থকা পঞ্চায়ত আঁচনি সমুহৰ কাম কাজৰ পৰ্যালোচনা কৰে । বিশেষকৈ COVID-19ৰ ফলত সৃষ্টি হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি অসম গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে ৰাজ্যত ৪০ লাখ মাস্ক তৈয়াৰ কৰাৰ বুলি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে । গ্ৰামীন জীৱিকা অভিযানৰ জৰিয়তে আত্মসহায়ক গোট সমুহৰ দ্বাৰা মাস্ক তৈয়াৰ কৰা বুলি সদৰি কৰাৰ লগতে, চৰকাৰে প্ৰতিখন পঞ্চায়ততে দুহেজাৰ খনকৈ মাস্ক বিনামূলীয়াকৈ বিতৰণ কৰিব বুলিও জানিবলৈ দিয়ে ।

বৰপেটাত মন্ত্ৰী নৱ কুমাৰ দলেৰ পৰ্যালোচনা বৈঠক

আনহাতে কৰ'ণা ভাইৰাছ আৰু লক্ ডাউনৰ পৰিপ্ৰেক্ষিতত বহিঃৰাজ্যত কৰ্মৰত যুৱকসকল অসমলৈ উভতি অহাৰ পিচত নিবনুৱা হৈ পৰা যুৱকসকলক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তে কৰ্মসংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সদৰি কৰে মন্ত্ৰী নৱ কুমাৰ দলেয়ে । মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, লক্ ডাউনৰ ফলত বহিঃৰাজ্যৰ পৰা উভতি অহা যুৱকসকলক প্ৰতিখন পঞ্চায়তে ১৫ দিনৰ ভিতৰত জব কাৰ্ড আৰু কাম প্ৰদান কৰিব ৷ আনহাতে কাম কৰাৰ ১৫ দিনৰ ভিতৰত পাৰিশ্ৰমিক আদায় দিবৰ বাবেও মন্ত্ৰীগৰাকীয়ে পঞ্চায়তৰ বিষয়াসকলক নিৰ্দেশ দিয়া বুলি সদৰি কৰে ৷ কৰ'ণা মহামাৰী প্ৰতিৰোধৰ বাবে চতুৰ্দশ বিত্তীয় আয়োগে আগবঢ়োৱা ধনৰ ১০ শতাংশ গাঁৱৰ চেনিটেশ্যনৰ কামত ব্যয় কৰা আৰু লক্ ডাউনৰ ফলত অসম্পূৰ্ণ হৈ থকা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ সমূহ শীঘ্ৰে নিৰ্মাণ সম্পূৰ্ণ কৰাৰো নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰোপৰি ৰাজ্যখনত এমজি এনৰেগাৰ আঁচনি সমূহত জব কাৰ্ড থকা শ্ৰমিকৰ পৰিৱৰ্তে ট্ৰেক্টৰ আৰু এক্সকেভেটৰ ব্যৱহাৰ হৈ থকা বুলি উঠা অভিযোগৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ বিষয়া সকলক তেওঁ নিৰ্দেশ প্ৰদান কৰে ।

লগতে পঢ়কঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.