ETV Bharat / state

বৰপেটাত কোৱাৰেণ্টাইনৰ পৰা অব্যাহতি দিয়া লোকৰ দেহত COVID-19

বৰপেটাৰ বাঘবৰৰ পাটলিকুছি পথাৰ গাঁৱৰ এজন কিশোৰ আক্ৰান্ত COVID-19ত ৷ বাঘমাৰাৰ এন.কে মহাবিদ্যালয়ত কোৱাৰেণ্টাইন হৈ থকা কিশোৰজনক স্বাৱ পৰীক্ষাৰ ফলাফল নহাকৈয়ে হোম কোৱাৰণ্টাইনলৈ প্ৰেৰণ কৰা হৈছিল ৷

author img

By

Published : Jun 12, 2020, 2:10 PM IST

one youth found covid-19 positive after completing 14 days quarantine in barpeta

বৰপেটা, ১২ জুনঃ বৰপেটাত 14 দিনৰ কোৱাৰেণ্টাইনৰ অন্তত স্বাৱ পৰীক্ষাৰ ফলাফল নহাকৈয়ে হোম কোৱাৰণ্টাইনলৈ প্ৰেৰণ কৰা কিশোৰৰ দেহত COVID-19ৰ অৱস্থিতি ৷ মুম্বাইত অধ্যয়নৰত বৰপেটাৰ পাটলিকুছি পথাৰ গাঁৱৰ ছোলেমান আলী(১৬) নামৰ কিশোৰজন ৰে'লযোগে আহিছিল অসমলৈ ৷ অসমলৈ অহাৰ পিচতে বাঘমাৰাৰ এন.কে মহাবিদ্যালয়ত 14 দিনৰ বাবে কোৱাৰেণ্টাইনত আছিল কৰ'ণা আক্ৰান্ত কিশোৰজন ৷

বৰপেটাত কোৱাৰেণ্টাইনৰ পৰা অব্যাহতি দিয়া লোকৰ দেহত COVID-19

কিশোৰজন COVID-19ত আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰাৰ পিচতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটোত ৷ তদপৰি বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগতে কিশোৰজন COVID-19ত আক্ৰান্ত হোৱাৰ খবৰ ওলাইছিল যদিও, নিশাহে তেওঁক নিজ গৃহৰ পৰা লৈ যোৱা হৈছিল বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, আক্ৰান্ত কিশোৰজন পৰিয়ালৰ লগতে সংস্পৰ্শলৈ আহিছিল আন বহু লোকৰ ৷

লগতে পঢ়কঃ কৰ'ণাত আক্ৰান্ত মহানগৰীত এজন CISF জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.