বৰপেটা,১৩ এপ্ৰিল: ছাত্ৰীক নিৰ্যাতন চলাই আৰক্ষীৰ ৰোষত পৰিল বৰপেটাৰ এজন শিক্ষক । আৰক্ষীয়ে জনোৱা মতে, আবুল হুছেইন নামৰ শিক্ষকজন জনীয়াৰ ছালাকুৰা গাঁৱৰ অমৰদ্বীপ জাতীয় একাডেমী নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত কৰ্মৰত । তেওঁ গাঁৱৰে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয় ছুটীৰ পিছত গণিত বিষয়ৰ টিউচন কৰাৰ লগতে মেট্ৰিক পৰীক্ষাত গণিত বিষয়ত ভাল নম্বৰ লাভৰ ব্যৱস্থা কৰি দিব বুলি ফুচুলাই যৌন আতিশয্য চলাই আহিছিল বুলি অভিযোগ উত্থাপিত হৈছে ৷
আনকি আবুল হুছেইনে বিদ্যালয়খনত কোনো নথকাৰ সুযোগ লৈ কিশোৰী গৰাকীক ধৰ্ষণ কৰাৰ লগতে ছাত্ৰীগৰাকীৰ অসংযত অৱস্থাত থকা ফটো নিজৰ ম’বাইলত ৰাখিছিল । লগতে কোনো লোকক এই বিষয়ে জনালে ফটোবোৰ ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দিব বুলিও ছাত্ৰীজনীক ভাবুকি দি আহিছিল ।
কিছুদিনপূৰ্বে শিক্ষকগৰাকীৰ ছাত্ৰীগৰাকীৰ সৈতে থকা বিতৰ্কিত ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হয় । এই ঘটনাৰ পিছতে ছাত্ৰীগৰাকীৰ পৰিয়াল বৰপেটা সদৰ থানাত শিক্ষকগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ থানাত গোচৰ ৰুজু কৰাৰ পিছৰে পৰা পলাতক হৈ থকা শিক্ষক আবুল হুছেইনক সোমবাৰে নিশা বৰপেটা আৰক্ষীয়ে আটক কৰে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: কাইলৈ গৰু বিহু