বৰপেটা, 29 ছেপ্টেম্বৰ : পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ বিভিন্ন আঁচনিৰ সম্পৰ্কত সজাগতা সৃষ্টিৰ লক্ষ্যৰে গোৱৰ্ধনাত উপস্থিত প্ৰখ্যাত চাইকেল আৰোহী ৰাকেশ বণিক ৷ এখন ভৰিৰে চাইকেল চলাই গোৱৰ্ধনাত উপস্থিত হ'ল চাইকেল আৰোহী গৰাকী ৷ শাৰীৰিক অক্ষমতাকো নেওচি এখন ভৰিৰেই চাইকেল চলাই ইখনৰ পিছত সিখন জিলালৈ ঘূৰিছে প্ৰখ্যাত চাইকেল আৰোহী গৰাকী ৷ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ বিভিন্ন উন্নয়ন মূলক আঁচনিৰ সজাগতাৰ সৃষ্টিৰ লক্ষ্যৰে এই পদক্ষেপ চাইকেল আৰোহী গৰাকীৰ ৷
![এখন ভৰিৰে চাইকেল চলাই সজাগতা সভাত অংশগ্ৰহন ৰাকেশ বণিকৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8976713_image_oneleg.jpg)
সোমবাৰে পশ্চিম হাউলী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত এখন সজাগতা সভাত চাইকেল আৰোহী গৰাকীয়ে অংশ লয় ৷ বিগত ২৫ ছেপ্টেম্বৰত বণিকে গুৱাহাটীৰ পৰা এই যাত্ৰা আৰম্ভ কৰি বকো, গোৱালপাৰা হৈ সোমবাৰে গোৱৰ্ধনাৰ পশ্চিম হাউলী গাঁও পঞ্চায়তত উপস্থিত হৈ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে ৷ বণিকে জানিবলৈ দিয়ে যে 20 দিনৰ ভিতৰত প্ৰায় 2000 কিলোমিটাৰ চাইকেলেৰে অতিক্ৰম কৰি তেওঁ ৰাজ্যখনৰ বিভিন্ন জিলাত এই সজাগতা অভিযান চলাব ৷
লগতে পঢ়ক: বৰপেটাৰ বহৰিত চোৰাং কাঠ জব্দ