ETV Bharat / state

বজ্ৰ পৰি বৰপেটাত এজনৰ মৃত্যু,গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তিনিজন - one dead,three injured dead in Barpeta thunderbolt

বৰপেটা জিলাৰ সৰ্থেবাৰীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৰেমাৰী গাঁৱত শোকাৱহ ঘটনা । গৰেমাৰীৰ এখন পথাৰত ধান দাই থাকোতে বজ্ৰ পৰি এজন লোকৰ মৃত্যু হোৱাৰ লগতে তিনিজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

one dead,three injured dead in Barpeta thunderbolt
বজ্ৰ পৰি বৰপেটাত এজনৰ মৃত্যু
author img

By

Published : Jun 10, 2020, 3:56 PM IST

বৰপেটা, ১০ জুনঃ বৰপেটাত বজ্ৰ পৰি এজনৰ মৃত্যু । বৰপেটা জিলাৰ সৰ্থেবাৰীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৰেমাৰী গাঁৱত শোকাৱহ ঘটনা। গৰেমাৰীৰ এখন পথাৰত ধান দাই থাকোঁতে বজ্ৰ পৰি এজন লোকৰ মৃত্যু হোৱাৰ লগতে তিনিজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । মৃত লোকজন গাদেশালী পামৰ জালাল আলী(35) ৷ জালাল আলীক চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাৰ পিছত চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷

বজ্ৰ পৰি বৰপেটাত এজনৰ মৃত্যু,গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তিনিজন
ইফালে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মাজদিয়াৰ আজাদ আলী,মুকালমুৱাৰ খাকৰাকাটি চৰৰ মনচেৰ আলী,গাদেশালী পামৰ বাহাৰ আলী। আজাদ আলীক চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাৰ বিপৰীতে মনচেৰ আলীক বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আনহাতে,বাহাৰ আলীক দৌলাশাল ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও কিছু সুস্থ হৈ উঠাত ঘৰলৈ লৈ আনে পৰিয়ালৰ লোকে।লগতে পঢ়কঃ বাঘজানৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ মুখ‍্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.