বৰপেটা, ২৫ এপ্ৰিল : ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে বৰপেটা জিলাৰ ক'ভিড পৰিস্থিতি । দেওবাৰে বৰপেটা মেডিকেল কলেজ হাস্পাটালত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয় এজন লোকৰ ৷ জানিব পৰা মতে, মৃত লোকজন বৰপেটাৰ মুছলিম পট্টিৰ ৰফি উদ্দিন আহমেদ ৷ ইফালে, সম্পূৰ্ণ ক'ভিড বিধি অনুসৰি দেওবাৰে সম্পন্ন কৰা হয় মৃত লোকজনৰ জানাজা ৷
উল্লেখ্য যে, বৰপেটা জিলাত এতিয়ালৈকে কৰ’নাত আক্ৰান্ত হৈ তিনিগৰাকী লোকৰ মৃত্যু হৈছে ৷ মৃত সকলৰ মাজৰ বৰপেটা চহৰৰ দুজন লোক আৰু বৰপেটা ৰোডৰ এজন লোক আছে বুলি জানিব পৰা গৈছে ৷ আনহাতে, বৰপেটা জিলাত ক'ভিড আক্ৰান্তৰ সংখ্যা দেওবাৰে বৃদ্ধি পালে ৪৮৭ গৰাকীলৈ ৷ দিনটোত জিলাখনৰ ৩৯ জনকৈ লোকৰ দেহত নতুনকৈ ক'ভিডৰ অৱস্থিতি পোৱা গৈছে ৷
লগতে পঢ়ক : ভূপালত ৰেলৰ ডবাত ক'ভিড কেয়াৰ চেণ্টাৰ স্থাপন