বৰপেটা ১০ অক্টোৱৰঃ বৰপেটাত ৰেলৱে কৰ্মচাৰীৰৰ ঘৰত বৰপেটা আৰক্ষীৰ অভিযান ৷ বঙাইগাঁৱত কৰ্মৰত ৰেল বিভাগৰ কৰ্মচাৰীজনৰ নাম দেৱৰাজ দাস ৷ বৰপেটাৰ গান্ধীনগৰৰ বাসগৃহত আৰক্ষীৰ অভিযান চলাই দুই কোটিৰো অধিক নগদ ধন জব্দ কৰাৰ লগতে আৰক্ষীয়ে আটক কৰিছে ৰেলৱে কৰ্মচাৰী দেৱৰাজ দাসক ৷
বৰপেটাৰ উপ-আৰক্ষী অধীক্ষক মদন চন্দ্ৰ কলিতাৰ নেতৃত্বত শুকুৰবাৰে পুৱতি নিশা অভিযান চলাই দেৱৰাজক আটক কৰে বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে, বৰপেটা চহৰৰ বিভিন্ন স্থানত মাটি সম্পত্তিৰ গৰাকী দেৱৰাজ দাস ৷ সম্প্ৰতি এগৰাকী ৰেলৱে কৰ্মচাৰীৰ ঘৰত ইমান বৃহৎ পৰিমানৰ ধন উদ্ধাৰক লৈ বৰপেটাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ইপিনে ঘটনা সম্পৰ্কে আৰক্ষীয়ে প্ৰকাশ কৰা নাই অধিক তথ্য ৷
লগতে পঢ়কঃ মন্দিৰ নিৰ্মাণৰ ধন সৰকালে তিৱা স্বায়ত্ব পৰিষদৰ সদস্যই !