কালগাছিয়া,15 আগষ্ট : ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ অভিযান অব্যাহত ৰখাৰ মাজতো ৰাজ্যত বিভিন্ন প্ৰান্তত গোপনে অব্যাহত আছে ড্ৰাগছৰ গোপন বেহা ৷ দেশৰ 75 সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে কলগাছিয়াৰ খৰিচালা বজাৰত ব্ৰাউনচুগাৰ সহ গ্ৰেপ্তাৰ হৈছে এজন ড্ৰাগছ সৰবৰাহকাৰী ৷ গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে 12 গ্ৰাম ব্ৰাউন চুগাৰৰ পেকেট সহ গ্ৰেপ্তাৰ কৰিছে ছাহিদুল ইছলাম নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক ৷
আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য মতে, কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ভেড়াগাঁৱৰ বাসিন্দা ছাহিদুল ইছলাম (36) নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৱে দেওবাৰে খৰিচালা বজাৰৰ এখন চাহৰ দোকানত ব্ৰাউনচুগাৰ বিক্ৰীৰ বাবে ৰৈ আছিল ৷ কিন্তু এই সন্দৰ্ভত গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰাৰ লগে লগে উক্ত স্থানত উপস্থিত হৈ সৰভোগ আৰক্ষী আৰু বৰপেটা সদৰ আৰক্ষীৰ এটা দলে অভিযান চলায় ৷ অভিযানত 12 গ্ৰাম ব্ৰাউন চুগাৰৰ পেকেট সহ আৰক্ষীয়ে হাতে-লোটে ধৰা পেলাই সৰবৰাহকাৰী ছাহিদুল ইছলামক ৷
আৰক্ষীৰ দলটোৱে সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰি ব্ৰাউনচুগাৰ সহ থানালৈ লৈ যায় ৷ জব্দ হোৱা ব্ৰাউন চুগাৰ খিনিৰ আনুমানিক মূল্য প্ৰায় দুই লাখ টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ অধিক তথ্যৰ বাবে ইতিমধ্যে সৰৱৰাহকাৰীটোৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়কঃ স্বাধীনতা দিৱসত অসমবাসীলৈ মুখ্যমন্ত্ৰীৰ দহটা আহ্বান...