ETV Bharat / state

নৱ শৰনীয়াই অবড়ো সকলৰ সংগ্ৰামক বিপথে পৰিচালিত কৰাৰ অভিযোগ - বিটিআৰ চুক্তি

সাংসদ নৱ শৰনীয়া সংসদলৈ গৈ অবড়োক প্ৰতাৰণা কৰাৰ অভিযোগ অবড়ো সংগ্ৰাম সমিতিৰ নেতা যোগেশ্বৰ কলিতাৰ ৷ সংসদলৈ সংগ্ৰাম আগবঢ়াই নিয়াৰ বাবে অবড়ো সংগ্ৰাম সমিতিয়ে নৱ শৰনীয়াক সংসদলৈ পঠাইছিল যদিও ইয়াৰ বিপৰীতে সাংসদ নৱ শৰনীয়াই অবড়োৰ সংগ্ৰামক ক্ষতি কৰা বুলিহে অভিযোগ তোলে অবড়ো নেতা যোগেশ্বৰ কলিতাই ৷

obodo surakhsa samiti meeting at howly
নৱ শৰনীয়াই অবড়ো সকলৰ সংগ্ৰামক বিপথে পৰিচালিত কৰাৰ অভিযোগ
author img

By

Published : Sep 29, 2020, 10:44 PM IST

বৰপেটা, ২৯ ছেপ্টেম্বৰঃ মঙলবাৰে বৰপেটাৰ হাউলীত অবড়ো সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক ৷ অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিখন জিলা সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি অবড়ো সুৰক্ষা সমিতিৰ নেতা যোগেশ্বৰ কলিতাই অবড়ো গাঁও কৰ্তন, সাংসদ নৱ শৰনীয়াৰ প্ৰতাৰণা আৰু নতুন ৰাজনৈতিক দল সম্পৰ্কে কৰিলে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷

obodo surakhsa samiti meeting at howly
নৱ শৰনীয়াই অবড়ো সকলৰ সংগ্ৰামক বিপথে পৰিচালিত কৰাৰ অভিযোগ

বিটিআৰ চুক্তি যোগে বিটিআৰৰ অন্তৰ্ভূক্ত অবড়ো গাঁও সমূহ কৰ্তনৰ ক্ষেত্রত চৰকাৰে আয়োগ গঠন কৰাটোক আদৰণি জনাই বিটিআৰৰ ভিতৰত থকা অবড়ো লোকসকলৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, ভাষা আৰু মাটিৰ অধিকাৰ সুৰক্ষিত কৰাৰো দাবী তোলে অবড়ো সুৰক্ষা সমিটিয়ে ৷ ইপিনে সাংসদ নৱ শৰনীয়া সংসদলৈ গৈ অবড়োক প্ৰতাৰণা কৰাৰ অভিযোগ অবড়ো সংগ্ৰাম সমিতিৰ নেতা যোগেশ্বৰ কলিতাৰ ৷ সংসদলৈ সংগ্ৰাম আগবঢ়াই নিয়াৰ বাবে অবড়ো সংগ্ৰাম সমিতিয়ে নৱ শৰনীয়াক সংসদলৈ পঠাইছিল যদিও ইয়াৰ বিপৰীতে সাংসদ নৱ শৰনীয়াই অবড়োৰ সংগ্ৰামক ক্ষতি কৰা বুলিহে অভিযোগ তোলে অবড়ো নেতা যোগেশ্বৰ কলিতাই ৷ আনকি অবড়োৰ নামত নৱ শৰনীয়াই গণ বিকাশ পৰিষদ, গণ সুৰক্ষা পাৰ্টি আদি নতুন নতুন ৰাজনৈতিক দল খুলি অবড়োক ভাগ ভাগ কৰা আৰু গণ সুৰক্ষা পাৰ্টিৰ বিষয়ববীয়া সকলক অবড়ো নেতা হিচাপে পৰিচয় দি অবড়োৰ নামত ৰাজনীতি কৰি থকা বুলি সাংসদ নৱ শৰনীয়াৰ বিৰুদ্ধে অভিযোগ তোলে যোগেশ্বৰ কলিতাই ৷

ইপিনে সাংসদ নৱ শৰনীয়া, মাধৱ ৰাজবংশী আৰু ব্ৰজেন মহন্ত আদিয়ে অবড়োৰ নাম ব্যৱহাৰ কৰাৰ বিৰুদ্ধে আদালতৰ কাষ চপাৰো হুংকাৰ দিয়ে অবড়ো সুৰক্ষা সমিতিৰ নেতাগৰাকীয়ে । ইপিনে বিটিআৰ চুক্তি সম্পৰ্কে মন্তব্য কৰি অবড়ো সকলৰ সমৰ্থন অবিহনে কোনো দলে বিটিআৰত চৰকাৰ গঠন কৰিব নোৱাৰিব বুলি মত প্ৰকাশ কৰে ৷ যি দলেই বিটিআৰৰ পৰা অবড়ো গাঁও কৰ্তনৰ প্ৰতিশ্ৰুত দিব সেই দলকে সমৰ্থন দিব বুলিও অবড়ো নেতাগৰাকীয়ে মন্তব্য কৰে । শেহতীয়াভাৱে ৰাজনৈতিক দল গঠন সম্পৰ্কে মন্তব্য কৰি অদীপ কুমাৰ ফুকন নেতৃত্বাধীন অসম সংগ্ৰামী মঞ্চ আৰু অখিল গগৈৰ নেতৃত্বত গঠন হ’ব লগা নতুন ৰাজনৈতিক দলৰ নেতৃত্বয়ো অবড়ো সুৰক্ষা সমিতিৰ নেতৃত্বক সাক্ষাৎ কৰাৰ কথা প্ৰকাশ কৰে যদিও এতিয়াই কোনো দলকে সমৰ্থন নকৰে বুলি স্পষ্ট কৰি দিয়ে অবড়ো সুৰক্ষা সমিতিৰ নেতাগৰাকীয়ে ৷ আনহাতে ৰাজ্যত সংঘটিত হোৱা SI পৰীক্ষাৰ কেলেংকাৰীক লৈও সৰব সংগঠনটোৰ নেতা যোগেশ্বৰ কলিতাই এই কেলেংকাৰীৰ সৈতে জড়িত প্ৰতিগৰাকী লোকক আটক কৰাৰ পিছতহে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ চৰকাৰক দাবী জনায় ।

লগতে পঢ়কঃ ডুমডুমাত আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.