জনীয়া, 28 মে': বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত তাপেশ্বৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেহেনা খাতুনৰ বিৰুদ্ধে সদস্য, সদস্যা সকলে আনিলে অনাস্থা প্ৰস্তাৱ । অসম পঞ্চায়ত আইন ১৯৯৪ ৰ ১৫ ধাৰা মতে সদস্য, সদস্যা সকলে দাখিল কৰিলে অনাস্থা প্ৰস্তাৱ ।
যি সময়ত ৰাজ্য চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰৰ শূণ্য সহনশীলতাৰ কথা বাৰুকৈয়ে কৈ আছে ঠিক তেনে এক মুহুৰ্তত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত একাংশ পঞ্চায়ত সভাপতিয়ে চৰম দুৰ্নীতি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে । তাৰে এক জলন্ত উদাহৰণ তাপেশ্বৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেহেনা খাতুনৰ বিৰুদ্ধে অসংখ্য দুৰ্নীতিৰ অভিযোগত পঞ্চায়ত সদস্য সকলে দাখিল কৰা অনাস্থা প্ৰস্তাৱ ।
সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে চতুৰ্থ বিত্তীয় আয়োগ, এম জি এন ৰেগা, প্ৰধানমন্ত্ৰী আৱাস যোজনা আদি আঁচনিৰ ধন আত্মসাৎ আৰু মহামাৰী কৰ’ণা প্ৰতিষেধকৰ বাবে কৰা ছেনিটাজেশ্যনতো দুৰ্নীতি কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে ।
যাৰ বাবে শুকুৰবাৰে সাত গৰাকীকৈ পঞ্চায়ত সদস্য/সদস্যাই কলগাছিয়াস্থিত ৰূপসী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আকবৰ অলীৰ হাতত অনাস্থা প্ৰস্তাৱ দাখিল কৰে । বিভাগীয় কৰ্তৃপক্ষই এই বিষয়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ’ব ৷
লগতে পঢ়ক : ৰঙানদী প্ৰকল্পই এৰিলে পানী, চিন্তিত লখিমপুৰবাসী