ETV Bharat / state

বৰপেটাত নতুন অত্যাধুনিক আদালত ভৱন উদ্বোধন - Barpeta court new building

৩৮.৬৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বৰপেটাৰ ন্যায়িক আদালতৰ নতুন ভৱন উদ্বোধন (New court building inaugurated at Barpeta)। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰাশ্মিন মানহৰভী ছায়াই আদালতৰ নতুন ভৱনটো উদ্বোধন কৰে ৷ অত্যাধুনিক ভৱনটোত শীততাপ নিয়ন্ত্ৰিত ১৭ খন আদালত স্থাপনৰ সুবিধা থকাৰ লগতে বিভিন্ন ধৰণৰ সা-সুবিধা আছে ।

Barpeta
বৰপেটাত নতুন অত্যাধুনিক আদালত ভৱন উদ্বোধন
author img

By

Published : Aug 19, 2022, 5:24 PM IST

বৰপেটা,১৯ আগষ্ট : বৰপেটাৰ ন্যায়িক আদালতৰ নতুন ভৱন উদ্বোধন কৰা হয় (New modern court building inaugurated in Barpeta)। শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰাশ্মিন মানহৰভী ছায়াই বৰপেটাৰ ন্যায়িক আদালতৰ নতুন ভৱনটো উদ্বোধন কৰে ৷ উদ্বোধনী অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এন কোটিশ্বৰ সিঙৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

বৰপেটাত উদ্বোধন কৰা আদালত ভৱনতো ৰাজ্যৰ ভিতৰতে প্ৰথমটো অত্যাধুনিক বহু মহলীয়া আদালত ভৱন ৷ উল্লেখ্য যে, ২০১৫ চনৰ পৰা ৩৮.৬৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ আৰম্ভ কৰা ব্লক ৱান আৰু ব্লক ২ৰ পৰ্যায়ৰ দুয়োটা আদালত ভৱনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ পিছতে শুকুৰবাৰে আদালত ভৱনটো শুভ উদ্বোধন কৰা হয় ৷ অত্যাধুনিক সুবিধা থকা আৰু শীততাপ নিয়ন্ত্ৰিত ১৭ খন আদালত স্থাপনৰ সুবিধা থকা ভৱনটোত পুৰুষ-মহিলাৰ বাবে সুকীয়া অধিবক্তা কক্ষ, কেন্টিন, গাড়ী পাৰ্কিং আদিৰ ব্যৱস্থা আছে ৷ আনহাতে তিনিমহলীয়া আদালত ভৱনটোত ৮ খনকৈ লিফ্টৰো সুবিধা আছে (New modern court building in Barpeta has various facilities)৷

বৰপেটাত নতুন অত্যাধুনিক আদালত ভৱন উদ্বোধন

বৰপেটা জিলা সত্ৰ ন্যায়াধীশৰ নতুন আদালত ভৱনটো উদ্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কয় যে সমাজৰ মাজত সহনশীলতা কমি গৈছে (Assam CM inaugurates new court building at Barpeta)৷ সমাজ যেতিয়া সহনশীল নহয়, সমাজে যেতিয়া সমাজৰ নিয়মবোৰ ভংগ কৰি থাকে তেতিয়া ন্যায়পালিকা ভাৰাক্ৰান্ত হয় আৰু ন্যায়পালিকা যেতিয়া ভাৰাক্ৰান্ত হয় তেতিয়া সমাজৰ আটাইতকৈ ক্ষতিগ্ৰস্থ হয় ন্যায়ৰ আশাত ৰৈ থকা লোকসকল ৷

শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনটোত অসমবাসী ৰাইজলৈ মুখ্যমন্ত্ৰীৰ আহ্বান যাতে সকলো সহনশীল হয়, সংযমী হয় । ইফালে স্বাধীনতা দিবসৰ দিনা উল্লেখ কৰা কেইবাটাও ঘোষণাৰ কথা উল্লেখ কৰি তেওঁ কয় যে অহা ১৫ দিনৰ ভিতৰত নতুন নীতি প্ৰৱৰ্তনৰ জৰিয়তে তিনি বছৰৰ যিমান কাৰাদণ্ডৰ গোচৰ আছিল সেইবোৰ প্ৰত্যাহাৰ কৰাৰ বাবে চৰকাৰে আদালতক অনুৰোধ জনাব l এনেদৰে ৮৬ হাজাৰ গোচৰৰ বোজা কমিব বুলিও তেওঁ উল্লেখ কৰে ।

একেদৰে বছৰি ১০০ কোটিকৈ তিনি বছৰত ন্যায় পালিকাৰ বাবে ৩০০ কোটি টকা অনুমোদন দিয়া হ'ব বুলিও তেওঁ ঘোষণা কৰে l ইফালে বৰপেটাৰ উকিল সন্থাৰ বাবে ৩ কঠা মাটি প্ৰদান কৰা হ'ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:দুৰ্বল আন্তঃগাঁথনিৰ বাবেই চৰকাৰী বিদ্যালয়ৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ অনীহা অহা বুলি কলে ছাত্ৰ সন্থাই

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.