ETV Bharat / state

বৰপেটাত নতুনকৈ ১৩৮ গৰাকী ক'ভিড ৰোগী চিনাক্ত

author img

By

Published : May 7, 2021, 10:17 AM IST

বৃহস্পতিবাৰে বৰপেটা জিলাত 138 গৰাকী লোকৰ দেহত ক’ভিড-19 অৱস্থতি ধৰা পৰে ৷ ইয়াকে লৈ বৰপেটা জিলাত মুঠ ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা 1716 গৰাকীলৈ বৃদ্ধি পাইছে ৷

বৰপেটাত নতুনকৈ ১৩৮ গৰাকী ক'ভিড ৰোগী চিনাক্ত
বৰপেটাত নতুনকৈ ১৩৮ গৰাকী ক'ভিড ৰোগী চিনাক্ত

বৰপেটা, 7 মে’ : সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাতো কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে ৷ বৃহস্পতিবাৰে বৰপেটা জিলাত নতুনকৈ 138 গৰাকী লোকৰ দেহত ক’ভিড-19 অৱস্থতি ধৰা পৰে ৷ বৃহস্পতিবাৰৰ দিনটোত জিলাখনত 2078 গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰাৰ বিপৰীতে 138 গৰাকী লোকৰ শৰীৰত ক'ভিড-19ৰ অৱস্থতি ধৰা পৰে ৷ ইয়াকে লৈ বৰপেটা জিলাত মুঠ ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা 1716 গৰাকীলৈ বৃদ্ধি পাইছে ৷ আনহাতে, বৃহস্পতিবাৰৰ দিনটোত বৰপেটাত 5 গৰাকী কৰ’ণা আক্ৰান্তৰ ৰোগীৰ মৃত্যু হৈছে ৷

উল্লেখ্য যে, জিলাখনত কৰ’ণা আক্ৰান্তৰ ৰোগীৰ মৃত্যু সংখ্যা মুঠ 21 গৰাকীলৈ বৃদ্ধি পাইছে ৷ শেহতীয়া তথ্য অনুসৰি বৰপেটাত 514 গৰাকী কৰ’ণাত আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে ৷ জিলাখনত বৃহস্পতিবাৰলৈ 1175 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে ৷

লগতে পঢ়ক : বৰপেটাৰোডত আৰক্ষীয়ে লৈ গ’ল ব্যৱসায়িক প্ৰতিষ্ঠানৰ দগা-পাল্লা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.