ETV Bharat / state

স্বাধীনতা দিৱসত কলগাছিয়াৰ দুই স্থানত জাতীয় পতাকাক চৰম অৱমাননা

author img

By

Published : Aug 16, 2021, 6:23 PM IST

সমগ্ৰ দেশজুৰি উলহ-মালহেৰে উদযাপন কৰা হ'ল দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস ৷ কিন্তু দেশৰ এই গৌৰৱৰ দিনটোত বৰপেটা জিলাৰ কালগাছিয়াৰ দুই স্থানত জাতীয় পতাকাক কৰা হ'ল চৰম অৱমাননা ৷

national-flag-severely-contempted-at-kalgasia-on-independence-day
স্বাধীনতা দিৱসত কলগাছিয়াৰ দুই স্থানত জাতীয় পতাকাক চৰম অবমাননা

জনীয়া, 16 আগষ্ট : দেওবাৰে সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত উলহ-মালহেৰে উদযাপন কৰা হয় 75 সংখ্যক স্বাধীনতা দিৱস ৷ প্ৰশাসনৰ উদ্যোগত সম্পূৰ্ণ ক'ভিড নীতি মানি প্ৰতিখন জিলাতে উদযাপন কৰা হয় স্বাধীনতা দিৱস ৷ ইয়াৰ মাজতে স্বাধীনতা দিৱসৰ দিনটোত কলগাছিয়াৰ সোণাপুৰ হাজি কৈফত আলী এম ই মাদ্ৰাছা আৰু শওঁপুৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত জাতীয় পতাকাক কৰা হ'ল চৰম অবমাননা ৷

উক্ত দুই স্থানতে সন্ধিয়ালৈকে উৰি থাকিল জাতীয় পতাকা ৷ সোণাপুৰ হাজি কৈফত আলী এম ই মাদ্ৰাছাত সন্ধিয়া 6:30 বজালৈকে উৰি থাকিল জাতীয় পতাকা ৷ একাংশ সচেতন ৰাইজৰ পৰা খবৰ পাই বিদ্যালয়খনত উপস্থিত জাতীয় পতাকাখন নমোৱাৰ ব্যৱস্থা কৰে কেইজন মান সাংবাদিকে ৷ চৰকাৰী নিয়ম মতে, সন্ধিয়া 5 বজাৰ ভিতৰত জাতীয় পতাকা নমাব লাগে যদিও বিদ্যালয় খনৰ প্ৰধান শিক্ষক আবু বক্কাৰ ছিদ্দিকৰ গাফিলতিৰ বাবেই সংঘটিত হয় ৰাষ্ট্ৰীয় পতাকাক চৰম অবমাননা কৰা ঘটনা ৷

এই ঘটনাৰ বাবে সোণাপুৰ অঞ্চলৰ ৰাইজে প্ৰধান শিক্ষক গৰাকীক ধিক্কাৰ জনাইছে ৷ লগতে ইয়াৰ বাবে উচিত শাস্তি প্ৰদান কৰাৰ দাবী তুলিছে ৷

লগতে পঢ়কঃ সুস্মিতা হতাশগ্ৰস্ত : ভূপেন বৰাৰ প্ৰথম প্ৰতিক্ৰিয়া

ইফালে অনুৰূপ ঘটনা সংঘটিত হয় শওঁপুৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত ৷ কাৰ্যালয়টোৰ দায়িত্বত থকা ছানোৱাৰ হুছেইনে তেওঁৰ ভায়েকক সময়মতে জাতীয় পতাকাখন নমাবলৈ কৈয়েই দায়িত্ব সামৰে ৷ কিন্তু ছানোৱাৰৰ ভায়েক অন্য কামত ব্যস্ত থকাৰ বাবে দায়িত্ব পাহৰে আৰু সন্ধিয়ালৈ আকাশত উৰি থাকে জাতীয় পতাকা ৷ অৱশেষত সাংবাদিক অহাৰ খবৰ পাই সন্ধিয়া 6 বজাত জাতীয় পতাকা নমোৱা হয় ৷

লগতে পঢ়কঃ প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ দল ত্যাগ, শীঘ্ৰেই তৃণমূললৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.