ETV Bharat / state

জনীয়াৰ দুখনকৈ বিদ্যালয়ত National Achievement of Survey কাৰ্যসূচী - দক্ষিণ ৰূপসী হাই স্কুল

কলগাছিয়াৰ ফকৰুদ্দিন আলী আহমেদ একাডেমী(Fakhruddin Ali Ahmed Academy) আৰু বলাইপাথাৰস্থিত দক্ষিণ ৰূপসী হাই স্কুল(Dakshin Ruposi High School)ত নেশ্যনেল এছিভমেণ্ট অৱ ছাৰ্ভে(NAS) কাৰ্যসূচী ৷ ভাৰত চৰকাৰৰ শিক্ষা আৰু স্বাক্ষৰতা দপ্তৰৰ নিৰ্দেশত শুকুৰবাৰে সমগ্ৰ দেশতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নয়ন তথা সফলতাৰ মূল্যায়নৰ বাবে এই কাৰ্যসূচী হাতত লোৱা হৈছে ৷

national achievement of survey at jania school
জনীয়াত নেশ্যনেল এছিভমেণ্ট অৱ ছাৰ্ভে
author img

By

Published : Nov 12, 2021, 4:35 PM IST

জনীয়া, 12 নৱেম্বৰ : ভাৰত চৰকাৰৰ শিক্ষা আৰু স্বাক্ষৰতা দপ্তৰৰ নিৰ্দেশত শুকুৰবাৰে ৰাষ্ট্ৰব্যাপী ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নয়ন তথা সফলতাৰ মূল্যায়নৰ বাবে গ্ৰহণ কৰা হৈছে নেশ্যনেল এছিভমেণ্ট অৱ ছাৰ্ভে(NAS) কাৰ্যসূচী ৷ ইয়াৰ সমান্তৰালকৈ কলগাছিয়াৰ ফকৰুদ্দিন আলী আহমেদ একাডেমী(Fakhruddin Ali Ahmed Academy) আৰু দক্ষিণ ৰূপসী হাইস্কুল(Dakshin Ruposi High School)তো চলিছে এই কাৰ্যসূচী ।

উল্লেখ্য যে, দেশৰ আটাইকেইখন ৰাজ্যৰ জিলা সমূহত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নয়ন তথা সফলতাৰ মূল্যায়নৰ বাবে একেদিনাই একে সময়তে চলিছে নেশ্যনেল এছিভমেণ্ট অৱ ছাৰ্ভে ৷ তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ কাৰ্যকৰী কৰা হৈছে এই অভিযান । DISEৰ অন্তৰ্ভুক্ত চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় সমূহৰ পৰা কিছু বিদ্যালয়ক বাছনি কৰা হৈছে উক্ত কাৰ্যসূচীত ।

জনীয়াত নেশ্যনেল এছিভমেণ্ট অৱ ছাৰ্ভে

অৱশ্যে বাছনি হোৱা এখন বিদ্যালয়ত অকল মাত্ৰ এটা শ্ৰেণীহে NASৰ বাবে নিৰ্ধাৰণ কৰা হৈছে । বৰপেটা জিলাৰ কলগাছিয়া ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডত 39 খন বিদ্যালয়ক এই কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰে বলাইপাথাৰস্থিত দক্ষিণ ৰূপসী হাই স্কুলত তৃতীয় শ্ৰেণীৰ মূল্যায়ন অব্যাহত আছে ।

অভিযানক কেন্দ্ৰ কৰি বিদ্যালয় কৰ্তৃপক্ষই শ্ৰেণী কোঠাটো আটক ধুনীয়াকৈ সজাই-পৰাই তোলে । আনহাতে, কলগাছিয়াৰ ফখৰুদ্দিন আলী আহমেদ একাডেমী নামৰ বেচৰকাৰী বিদ্যালয়খনত চলিছে দশম শ্ৰেণীৰ মূল্যায়ন প্ৰক্ৰিয়া ৷ দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষৰ লগতে পৰ্যবেক্ষক সকলে এই কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ সমাজ উপকৃত হ’ব বুলি মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক : উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ শিক্ষার্থীৰ বাবে মাচুল ৰেহাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.