ETV Bharat / state

Namghare Namghare Amar Ramayana Campaign : বৰপেটা সত্ৰত নামঘৰে নামঘৰে আমাৰ ৰামায়ণ শীৰ্ষক প্ৰচাৰ অভিযানৰ শুভাৰম্ভ

author img

By

Published : Aug 19, 2023, 8:42 PM IST

গুৱাহাটীৰ ইণ্ডিজেনাচ ৰামা ৰিছাৰ্চ ফাউণ্ডেশ্যন নামৰ সংস্থাটোৱে মাধৱ কন্দলী বিৰচিত সপ্তকাণ্ড ৰামায়ণৰ প্ৰচাৰৰ উদ্যোগ লৈছে ৷ শনিবাৰে বৰপেটা সত্ৰত নামঘৰে নামঘৰে আমাৰ ৰামায়ণ শীৰ্ষক প্ৰচাৰ অভিযানৰ শুভাৰম্ভ কৰে সংস্থাটোৱে ৷

Namghare Namghare Amar Ramayana Campaign
মাধৱ কন্দলী বিৰচিত সপ্তকাণ্ড ৰামায়ণৰ প্ৰচাৰৰ উদ্যোগ
বৰপেটা সত্ৰত বিশেষ অনুষ্ঠান

বৰপেটা, 19 আগষ্ট : চৈধ্য শতিকাত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম প্ৰান্তীয় ভাষালৈ মাধৱ কন্দলিয়ে অনুবাদ কৰিছিল সপ্তকাণ্ড ৰামায়ণ ৷ অসমীয়া ভাষাৰ পূৰ্বে ভাৰতবৰ্ষৰ আন কোনো প্ৰান্তীয় ভাষাতে ৰামায়ণৰ অনুবাদ হোৱা নাছিল ৷ ইয়াৰ পিচতো কিন্তু মাধৱ কন্দলিৰ ৰামায়ণক লৈ বিশেষ প্ৰচাৰ-প্ৰসাৰ হোৱা নাই ৷ এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি গুৱাহাটীৰ ইণ্ডিজেনাচ ৰামা ৰিছাৰ্চ ফাউণ্ডেশ্যন নামৰ সংস্থাটোৱে মাধৱ কন্দলী বিৰচিত সপ্তকাণ্ড ৰামায়ণৰ প্ৰচাৰৰ উদ্যোগ লৈছে ৷

শনিবাৰে বৰপেটা সত্ৰত 'নামঘৰে নামঘৰে আমাৰ ৰামায়ণ' শীৰ্ষক প্ৰচাৰ অভিযানৰ শুভাৰম্ভ কৰে ইণ্ডিজেনাচ ৰামা ৰিছাৰ্চ ফাউণ্ডেশ্যনে ৷ ইণ্ডিজেনাচ ৰামা ৰিছাৰ্চ ফাউণ্ডেশ্যনৰ কাৰ্যকৰ্তাসকল বৰপেটা সত্ৰত উপস্থিত হৈ বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠক বাপজনাৰ হাতত মাধৱ কন্দলিৰ সাঁচিপাতত লিখিত সপ্তকাণ্ড ৰামায়ণৰ এখন সাঁচিপাতৰ পুথিৰ ৰঙীণ আলোক-চিত্ৰ আৰু প্ৰতিলিপি সম্বলিত গ্ৰন্থ প্ৰদানেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ "সপ্তকাণ্ড ৰামায়ণ"ৰ ৰামকথা বিশ্বলোকৰ প্ৰতি আৰ্কষিত কৰি তুলিবলৈ ভাদ মাহত অসমৰ প্ৰতিটো নামঘৰতে একোখনকৈ ৰামায়ণ প্ৰদান কৰিব সংস্থাটোৱে ৷

লগতে পঢ়ক : World Photography day 2023: মাজুলীৰ প্ৰথমজন ফটোগ্ৰাফাৰ দিলু দাদা কেনে আছে !

ইফালে মাধৱ কন্দলিয়ে অসমীয়া ভাষাত ৰামায়ণৰ অনুবাদ প্ৰকাশৰ সেই সময়ৰ পৰিৱেশ আৰু ৰামায়ণৰ প্ৰভাৱ সম্পৰ্কে ৰাজীৱ হৰি কৌশিকৰ পৰিচালনাৰে সপ্তকাণ্ড ৰামায়ণৰ আধাৰত এখন 60 মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰ নিৰ্মাণৰো পৰিকল্পনা গ্ৰহণ কৰিছে সংস্থাটোৱে ৷ সেইমতে 2024 চনৰ 14 জানুৱাৰীত তথ্য চিত্ৰখনৰ বিশ্বজোৰা প্ৰদৰ্শনৰ লক্ষ্য ৰাখিছে সংস্থাটোৱে ৷ ইয়াৰোপৰি অসমীয়া ৰামায়ণী সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে নগাওঁ জিলাত মহাকবি মাধৱ কন্দলীৰ 20 ফুট উচ্চতাৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্ত্তি এটা স্থাপনৰো পৰিকল্পনা হাতত লৈছে সংস্থাটোৱে ৷

লগতে পঢ়ক : World Photography Day 2023 : গুৱাহাটী প্ৰেছ ক্লাবত বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন; ধনীৰাম কলিতালৈ ফটো সাংবাদিকতা বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.