ETV Bharat / state

মটৰ চাইকেলক কেন্দ্ৰ কৰি দুই ভাতৃৰ সংঘাতঃ মৃত্যু জ্যেষ্ঠ ভাতৃৰ - বৰপেটা

ঈদৰ দিনাই কলগাছিয়াত কনিষ্ঠ ভাতৃৰ হাতত নিহত হ'ল জ্যেষ্ঠ ভাতৃ

পৱিত্ৰ ঈদৰ দিনাই কলগাছিয়াত অঘটন
author img

By

Published : Jun 5, 2019, 10:00 PM IST

Updated : Jun 6, 2019, 7:37 AM IST

জনীয়া,৫ জুনঃ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত পূব কলগাছিয়াত অঘটন । পৱিত্ৰ ঈদৰ দিনাই কলগাছিয়াত কনিষ্ঠ ভাতৃৰ হাতত মৃত্যু হ'ল জ্যেষ্ঠ ভাতৃৰ । পূব কলগাছিয়া গাঁৱৰ মজেৰ আলীৰ দুই পুত্ৰ ক্ৰমে আনোৱাৰ হুছেইন আৰু ছানোৱাৰ হুছেইনৰ মাজত মটৰ চাইকেলৰ চাবিক কেন্দ্ৰ কৰি পূব কলগাছিয়া চকত মাৰপিট হয় । মাৰপিট হোৱাৰ কিছু সময় পিছতেই মটৰ চাইকেলেৰে আহি থকা অৱস্থাত মটৰ চাইকেল ৰখাৰ লগে-লগেই পথৰ ওপৰতেই ঢলি পৰে আনোৱাৰ হুছেইন । স্থানীয় কেইজনমান লোকে আনোৱাৰ হুছেইনক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । ইফালে আনোৱাৰ হুছেইনৰ মৃত্যু হোৱাৰ পিছতেই ছানোৱাৰ হুছেইনে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে ।

Intro:slug: as_jania_5jun_kalgachia_murder_vis2+byt2_asc10058

জনীয়া, ৫ জুন: ঈদৰ দিনাই কলগাছিয়াত অঘটন। কনিষ্ঠ ভাতৃৰ হাতত নিহত জ্যেষ্ঠ ভাতৃৰ। মাৰপিটৰ বাবেই পূব কলগাছিয়াৰ মজেৰ আলীৰ পুত্ৰ আনোৱাৰ হুছেইনৰ মৃত্যু হোৱাৰ সন্দেহ।Body:slug: as_jania_5jun_kalgachia_murder_vis2+byt2_asc10058

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত পূব কলগাছিয়াত কিছু সময় পূৰ্বে আনোৱাৰ হুছেইন নামৰ এজন যুৱকৰ ঢলি পৰি মৃত্যু হয়। জানিব পৰা মতে, পূব কলগাছিয়া গাঁওৰ মজেৰ আলীৰ দুই পুত্ৰ ক্ৰমে আনোৱাৰ হুছেইন আৰু ছানোৱাৰ হুছেইনৰ মাজত মটৰ চাইকেলৰ চাবি লৈ পূব কলগাছিয়া চকত মাৰপিট হয়। মাৰপিট হোৱাৰ কিছু সময় পিছতেই মটৰ চাইকেলেৰে আহি থকা সময়ত মটৰ চাইকেল ৰখাৰ পিছতেই পথৰ ওপৰতেই আনোৱাৰ হুছেইন ঢলি পৰে। ওচৰত থকা কেইজনমান লোকে আনোৱাৰক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আনোৱাৰ হুছেইনৰ মৃত্যু হোৱাৰ পিছতেই ছানোৱাৰ হুছেইন পলায়ন কৰিছে বুলি জানিব পৰা গৈছে।Conclusion:slug: as_jania_5jun_kalgachia_murder_vis2+byt2_asc10058

বাইট: প্ৰত্যক্ষদর্শীৰ মন্তব্য।

স্বফিকুল হাছান, জনীয়া।
Last Updated : Jun 6, 2019, 7:37 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.