ETV Bharat / state

বৰপেটাত বন্যাৰ্তৰ কাষত সাংসদ আব্দুল খালেক - সাংসদ আব্দুল খালেক

সোমবাৰে বৰপেটাৰ বানাক্ৰান্তসকলৰ বুজ লয় বৰপেটাৰ সাংসদ আব্দুল খালেকে ৷ আনহাতে বানাক্ৰান্তসকলৰ মাজত তিৰ্পাল,চাউল,দাইল,বিস্কুট,কেক্ আদি বিতৰণ কৰে সাংসদগৰাকীয়ে ৷

বৰপেটাত বন্যাৰ্তৰ কাষত সাংসদ আব্দুল খালেক

author img

By

Published : Jul 13, 2020, 10:12 PM IST

বৰপেটা, 13 জুলাই : সমগ্ৰ ৰাজ্যতে বানে আতংকৰ সৃষ্টি কৰাৰ লগতে বৰপেটা জিলাৰ 5 শতাধিক গাঁৱো বানৰ কৱলত পৰিছে ৷ বানৰ কৱলত পৰা জিলাখনৰ বন্যাৰ্তৰ মাজত সোমবাৰে উপস্থিত হয় বৰপেটাৰ সাংসদ আব্দুল খালেক ৷ সাংসদগৰাকীয়ে বৰপেটা, বাঘবৰ আৰু জনীয়াৰ বানপীড়িত লোকসকলৰ পৰিস্থিতিৰ বুজ লয় ৷ ইয়াৰ লগতে তেওঁ বামুণদংৰা,যাদৱপুৰ,পাহাৰপুৰ,কাঞ্চনপুৰ,হাবিদংৰা,পামদংৰাৰ বিভিন্ন অঞ্চলৰ উপৰিও জনীয়া,ছনপুৰা আদি অঞ্চলৰ ৰাইজৰ অৱস্থাৰ বুজ লয় ৷

বৰপেটাত বন্যাৰ্তৰ কাষত সাংসদ আব্দুল খালেক

আনহাতে,বানাক্ৰান্তসকলৰ মাজত তিৰ্পাল,চাউল,দাইল,বিস্কুট,কেক্ আদি বিতৰণ কৰে সাংসদগৰাকীয়ে ৷ ইফালে বানৰ ভয়াৱহতা পুনৰ বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰি তেওঁ বৰপেটা,নলবাৰী,বঙাইগাঁও,চিৰাং আদি জিলাৰ উপায়ুক্তসকলক অধিক সতৰ্ক হৈ থাকিবলৈ ফোনযোগে আহ্বান জনায় ৷

বৰপেটাৰ বানাক্ৰান্তৰ লৈ সাংসদগৰাকীয়ে বান খহনীয়া সমস্যাৰ সমাধানৰ বাবে সময়মতে উপযুক্ত ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান জনায় সাংসদগৰাকীয়ে ৷ ৰাজ্যৰ গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে' নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈ কোনো আঁচনি প্ৰেৰণ কৰা নাই বুলি সদৰি কৰে সাংসদ আব্দুল খালেকে ৷

ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে' নিৰ্মাণক লৈ ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণৰ পৰিৱৰ্তে এই সন্দৰ্ভত ৰাজ্য চৰকাৰে আজিলৈকে কেন্দ্ৰলৈ কোনো জাননী প্ৰেৰণ নকৰা বুলিও সাংসদগৰাকীয়ে জানিবলৈ দিয়ে ৷ আনকি ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে' নিৰ্মাণ হ’লে এটা ভাল কাম সম্পন্ন হ’ব বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক : ধেমাজিত জীয়াঢল নৈৰ তীব্ৰ সন্ত্ৰাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.