ETV Bharat / state

ভাগিনৰ প্ৰেমত মচগুল হৈ স্বামীগৃহ ত্যাগ কৰিলে দুটি সন্তানৰ মাতৃয়ে

প্ৰেম যে অন্ধ তাক পুনৰবাৰ প্ৰমাণ কৰিলে জনিয়াৰ কহিনুৰ বেগমে ৷ দুটি সন্তানৰ মাতৃ কহিনুৰ বেগমে ভাগিনৰ প্ৰেমত মচগুল হৈ ইতিমধ্য ত্যাগ কৰিছে স্বামীগৃহ (Married woman flees with boyfriend at Jania)৷

Married woman flees with boyfriend at Jania
ভাগিনৰ প্ৰেমত মচগুল হৈ স্বামীগৃহ ত্যাগ কৰিলে দুটি সন্তানৰ মাতৃয়ে
author img

By

Published : May 13, 2022, 6:56 PM IST

জনিয়া, 13 মে’: মানুহে কয় প্ৰেম হেনো অন্ধ ৷ মানুহৰ মুখে মুখে চলি অহা এই আপ্ত বাক্যশাৰীকে সৰোগত কৰি ভাগিনৰ প্ৰেমতে মচগুল হৈ পৰিল জনিয়াৰ কহিনুৰ ৷ দুই সন্ধানৰ মাতৃ কহিনুৰ বেগমে আবেগক বাধা দিব নোৱাৰি 9 মে’ত পলাই গ’ল ভাগিন মজনুৰলৈ (Married woman flees with boyfriend at Jania)৷

ভাগিনৰ প্ৰেমত মচগুল হৈ স্বামীগৃহ ত্যাগ কৰিলে দুটি সন্তানৰ মাতৃয়ে

জনিয়াৰ বালিকুৰিত পোৱা গ’ল প্ৰেমৰ এই বিৰল উদাহৰণ ৷ ৰছুলপুৰৰে লালচান খানৰ লগত কহিনুৰ বেগমে সামাজিক নিয়ম অনুসৰিয়েই বিবাহপাশত আবদ্ধ হৈছিল যদিও সেই সম্পৰ্কত হয়তো মনে বিচৰাখিনি বিচাৰি পোৱা নাছিল৷ সেয়েহে স্বামী লালচান খানৰ যিকোনো কথাতে সম্পৰ্কৰ আৰম্ভণিৰে পৰা আবদ্ধ হৈ পৰিছিল কহিনুৰ ৷ তথাপিও সময় বাগৰাৰ লগে লগে দুটাকৈ সন্তানৰ মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিছিল কহিনুৰে ৷

ভালপোৱাৰ ৰঙেৰে চিৰদিন, চিৰকাল জিলিকি থাকিব বিচৰা কহিনুৰে তেনে এক সময়তে কাষ চাপি গ’ল ভাগিন যুৱক মজনুৰ ৰহমান (Love with sisters son at Jania)৷ কহিনুৰে বিচৰা সমস্ত যেন বিচাৰি পালে মজনুৰ মাজতে ৷ ফলত দুটি সন্তানৰ প্ৰতি থকা মোহ আৰু স্বামীয়েও বাধা দি ৰাখিব নোৱাৰিলে কহিনুৰ- মজনুৰ প্ৰমক ৷ বাকী থকা দিনকেইটা দুয়ো দুয়োৰে হোৱাৰ আশাৰে মজনুৰ কাষলৈ গুছি গ’ল কহিনুৰ বেগম ৷ এই যাত্ৰাৰ পৰিকল্পনা কালি বা আজিৰ নহয় ৷ ইয়াৰ প্ৰস্তুতিৰ বাবে দুমাহ পূৰ্বেই কহিনুৰে বাহৰ পাতিছিলগৈ পিতৃগৃহত ৷

মাহী কহিনুৰ বেগম ভাগিন মজনুৰ ৰহমানলৈ পলাই যোৱাত কহিনুৰৰ স্বামী লালচান নিৰুপায় হৈ ইতিমধ্যে কাষ কাষ চাপিছে আৰক্ষীৰ ৷ উল্লেখ্য যে, নৱ দম্পত্তি কহিনুৰ-মজনুৰ এই মুহূৰ্তত ক’ত কিদৰে আছে সেই বিষয়ে জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক: ১০ বাৰকৈ এভাৰেষ্ট আৰোহণ কৰি অভিলেখ গঢ়িলে নেপালী লাকপাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.