ETV Bharat / state

বৰপেটাত অগপ-কংগ্ৰেছ দলত ব্যাপক খহনীয়া

অগপৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ লগতে কংগ্ৰেছ নেতাৰ নেতৃত্বত শতাধিক কৰ্মীয়ে বৰপেটা জিলা মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে এ আই ইউ ডি এফ দলত যোগদান কৰে ৷

author img

By

Published : Aug 6, 2020, 8:09 PM IST

More Congress Members Jonit in AIUDF At Barpeta
বৰপেটাত অগপ-কংগ্ৰেছ দলত ব্যাপক খহনীয়া

বৰপেটা, ৬ আগষ্টঃ কৰ'ণা মহামাৰীৰ মাজতেই আগন্তুক 2021 চনত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলে ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচনী ৰণকৌশল ৷ ইফালে আৰম্ভ হৈছে ইটো ৰাজনৈতিক দলৰ পৰা সিটো ৰাজনৈতিক দলত যোগদান কাৰ্যসূচী ৷ ঠিক একেদৰে বৰপেটাতো আৰম্ভ হৈছে নিৰ্বাচনী কুছ-কাৱাজ ৷

বৰপেটাত অগপ-কংগ্ৰেছ দলত ব্যাপক খহনীয়া

বাঘবৰ সমষ্টিৰ দুই শক্তিশালী নেতা ক্ৰমে ৰাজীৱ আহমেদ আৰু আবুল কালাম আজাদৰ নেতৃত্বত প্ৰায় পাঁচ শতাধিক সমৰ্থক আৰু বৰপেটাত কংগ্ৰেছ কৰ্মীয়ে আজি এ আই ইউ ডি এফ দলত যোগদান কৰে ৷ এ আই ইউ ডি এফৰ বৰপেটা জিলা মুখ্য কাৰ্যালয়ত আজি অনুষ্ঠিত যোগদান কাৰ্যসূচীত বাঘবৰৰ পূৰ্বৰ কংগ্ৰেছ নেতা তথা বৰ্তমানৰ অগপৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰাজীৱ আহমেদ আৰু জিলা পৰিষদৰ প্ৰাক্তন সদস্য তথা কংগ্ৰেছ নেতা আবুল কালাম আজাদে আনুষ্ঠানিকভাবে এ আই ইউ ডি এফ দলত যোগদান কৰে ৷

এ আই ইউ ডি এফ দলৰ কেন্দ্ৰীয় সম্পাদক আমিনুল ইছলাম, জিলা সভাপতি ছামচুদ্দিন কাশিমী আৰু জনীয়াৰ বিধায়ক ৰফিকুল ইছলামে ৰাজীৱ আহমেদ আৰু কংগ্ৰেথ নেতাগৰাকীক ফুলাম গামোচা, জাপি আৰু শৰাইৰে আদৰণি জনায় ৷ এই নেতাদ্বয়ৰ লগতে পাঁচ শতাধিক সমৰ্থক আৰু কংগ্ৰেছ কৰ্মীয়েও এ আই ইউ ডি এফ দলত যোগদান কৰে ৷

উল্লেখ্য যে, ২০১১চনৰ বিধান সভা নিৰ্বাচনত বাঘবৰ সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হিচাপে আৰু বিগত নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অবতীৰ্ণ হৈ ৰাজীৱ আহমেদে প্ৰায় ২০ হাজাৰ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল ৷ বাঘবৰ সমষ্টিৰ এই দুই শক্তিশালী নেতাই এ আই ইউ ডি এফত যোগদানৰ ফলত বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ ভেটিত যে কঁপনিৰ সৃষ্টি হ'ব সেয়া এক প্ৰকাৰ নিশ্চিত হৈছে ৷

লগতে পঢ়ক- নগাঁও চহৰস্থিত এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.