ETV Bharat / state

কয়াকুছিত গাড়ীৰ বনেটত লুকুৱাই অনা ধন জব্দ - অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

বৰপেটাত ফ্লাইং স্কোৱাড আৰু এছএছটিৰ অভিযানত 7 লাখ 70 হাজাৰ টকা জব্দ ৷ সৰুক্ষেত্ৰীৰ কয়াকুছিত এখন বাহনৰ বনেটৰ ভিতৰভাগৰ ইঞ্জিনত লুকুৱাই অনা অৱস্থাত ধনখিনি জব্দ ৷

money seized at kayakuchi in sarukhetri form inside of car bonnet
কয়াকুছিত গাড়ীৰ বনেটত লুকুৱাই অনা ধন জব্দ
author img

By

Published : Mar 17, 2021, 9:14 PM IST

বৰপেটা,17 মাৰ্চ: বৰপেটা জিলাত অব্যাহত আছে ফ্লাইং স্কোৱাড আৰু এছএছটিৰ অভিযান ৷ এইবাৰ সৰুক্ষেত্ৰীত জব্দ হ'ল 7 লাখ 70 হাজাৰ টকা ৷ সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিত এখন বাহনৰ বনেটৰ ভিতৰভাগৰ ইঞ্জিনত লুকুৱাই অনা অৱস্থাত এছএছটিয়ে ধনখিনি জব্দ কৰে ৷

টকাখিনিৰ উৎস সম্বন্ধে কোনো উপযুক্ত তথ্য দাখিল কৰিব নোৱাৰাত অভিযানকাৰী দলটোৱে টকাখিনি জব্দ কৰে ৷ উল্লেখ্য যে, বুধবাৰৰ দিনটোত বৰপেটা জিলাৰ বিভিন্ন স্থানৰ পৰা মুঠ 49.25 লাখ টকা জব্দ কৰা হয় ৷

money seized at kayakuchi in sarukhetri form inside of car bonnet
এখন বাহনৰ বনেটৰ ভিতৰভাগৰ ইঞ্জিনত লুকুৱাই অনা অৱস্থাত ধনখিনি জব্দ

উল্লেখ্য যে, 27 মাৰ্চত ৰাজ্যত অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰাজ্যৰ ভিন্ন সমষ্টিত প'ষ্টেল বেলটযোগে ভোটগ্ৰহণ আৰম্ভ হৈছে ৷ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰস্তুতিৰ সমান্তৰালকৈ নিৰ্বাচনী আচৰণবিধি জাৰি থকাৰ পৰিপ্ৰেক্ষিতত ফ্লাইং স্কোৱাড আৰু আৰক্ষীৰ অভিযান অব্যাহত আছে ৷

লগতে পঢ়ক: বৰপেটাত পুনৰ ৪,১৬,৫০০ টকা জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.