ETV Bharat / state

বৰপেটাত টকাৰ উজান: বহৰিত জব্দ 15 লক্ষাধিক টকা

বুধবাৰে বিয়লি ভাগত চেঙা সমষ্টিৰ বহৰিত জব্দ হয় প্ৰায় 15 লাখ টকা ৷ তাৰাবাৰী আৰক্ষী, ফ্লাইং স্কোৱাড আৰু এছএছটিয়ে অভিযান চলাই জব্দ কৰে টকাখিনি ৷

author img

By

Published : Mar 17, 2021, 7:17 PM IST

money-seized
বহৰিত টকা জব্দ

বৰপেটা,17 মাৰ্চ: বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বহৰিত বুধবাৰে বিয়লি ভাগত তাৰাবাৰী আৰক্ষী, ফ্লাইং স্কোৱাড আৰু এছএছটিয়ে চলোৱা তালাচী অভিযানত চাৰিগৰাকী ব্যক্তিৰ পৰা পৃথকে পৃথকে জব্দ হয় প্ৰায় 15 লাখ টকা ৷ নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকাৰ সময়তে টকাখিনি নীতি বৰ্হিভূতভাৱে সৰবৰাহ কৰাৰ অভিযোগ মৰ্মে জব্দ কৰা হয় ৷

money-seized
বহৰিত টকা জব্দ

জব্দ কৃত টকাখিনি চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নিতুল খাটনিয়াৰৰ উপস্থিতিত জব্দ কৰা হয় ৷ নগাঁও জিলাৰ সাধন চন্দ্ৰ দাসৰ পৰা 4,55,400 টকা, পশ্চিমবংগৰ মুৰ্শ্বিদাবাদ জিলাৰ বালিঘাটৰ ননীগোপাল ৰয়ৰ পৰা 7,40,000 টকা, হাজো একাদিৰ মমতাজ আলী আহমেদৰ পৰা 1,27,990 টকা আৰু সৰভোগৰ পবিত্ৰ নাথৰ পৰা 1,08,370 টকা জব্দ কৰে । চাৰিওজনৰ পৰা মুঠ 14,31,760 টকা জব্দ কৰে অভিযানকাৰী দলটোৱে ৷

ইফালে জব্দ কৰা টকাখিনি জিলা কোষাগাৰলৈ প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে চেঙা ৰাজহ চক্ৰ বিষয়া নিতুল খাটনিয়াৰে ৷

লগতে পঢ়ক : বৰপেটাত পুনৰ ৪,১৬,৫০০ টকা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.