বৰপেটা ৩ এপ্ৰিল : দিন দুপৰতেই ম'বাইল চুৰি কৰিবলৈ আহি কলগাছিয়াত ৰঙা ঘৰৰ আলহী হ'ল এজন ৷ হাতে-লোটে ম'বাইল চোৰক ধৰা পেলাই ৰাইজে উত্তম-মাধ্যম শোধাই গতাই দিলে আৰক্ষীক ৷ বঙাইগাঁও জিলাৰ টুক্কাৰচৰ গাঁৱৰ মোস্তফা আহমেদ নামৰ যুৱকজনে বুধবাৰে ম'বাইল চোৰ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰাৰ লগতে ৰঙাঘৰৰ আলহী হ'বলগীয়া হয় ৷ইপিনে বিগত বহু সময়ত ম'বাইল চুৰি কাৰ্যৰ লগত জড়িত থকাৰ অভিযোগ থকা মোস্তাফে বৰপেটাৰোড আৰু হাউলিৰ ভিন্ন অঞ্চলত ম'বাইল চুৰ কৰি অহা বুলি নিজ মুখেই স্বীকাৰ কৰে সাংবাদিকৰ কেমেৰাৰ সন্মুখত ৷
উল্লেখ্য যে, বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত অসম গ্ৰামীণ বিকাশ বেংক আৰু বৰপেটা অসামৰিক চিকিৎসালয় চৌহদতম'বাইল চুৰ কৰি সন্ত্ৰাস চলাই আহিছে চোৰে ৷