বৰপেটা, 15 ফেব্ৰুৱাৰী : "মাজুলীত বিজেপিৰ দলীয় প্ৰাৰ্থী ঘোষণাৰ পিচত ৰাজীৱ লোচন পেগুৰ হয়তো পুৰণি আপোন ঘৰখনলৈ মনত পৰিছে" মঙলবাৰে মাজুলী সমষ্টিৰ পৰা বিজেপিৰ টিকটত বিধানসভালৈ নিৰ্বাচিত হোৱাৰ সপোনেৰে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা মাজুলী কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে বিজেপিৰ টিকটৰ পৰা বঞ্চিত হোৱাক লৈ দুখ প্ৰকাশ কৰি এইদৰে মন্তব্য কৰে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷
আনকি ৰাজীৱ লোচন পেগুক সমবেদনাও জ্ঞাপন কৰে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ৷ লগতে মাজুলীত বিজেপিৰ ৰণকৌশল 'ফেইল' হোৱা বুলিও মন্তব্য কৰি মাজুলীত কংগ্ৰেছে সমৰ্থন কৰা অজাপৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ বিজয় 100 শতাংশ নিশ্চিত বুলিও উল্লেখ কৰে বিধায়কগৰাকীয়ে (MLA Jakir Hussain Sikdar on Majuli by election) ৷
ইয়াৰোপৰি, অজাপৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীলৈ শুভেচ্ছা জনোৱাৰ লগতে প্ৰাৰ্থীগৰাকীৰ হৈ মাজুলীবাসীৰ পৰা আশীৰ্বাদ কামনা কৰে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ৷ ৰাজীৱ লোচন পেগুৰ কংগ্ৰেছ ত্যাগক অধিক মাছত বগলী কণা আখ্যা দি বেছি আশা কৰি নিজৰ আপোন ঘৰ ত্যাগক মৰিচীকা খেদা বুলি আখ্যা দিয়ে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ৷
উল্লেখ্য যে, মাজুলীত সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী কোন হ’ব তাকে লৈ বিগত প্ৰায় পষেকজুৰি চৰ্চা চলি থকাৰ মাজতেই ভুৱন গামক বিজেপিৰ দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছিল ৷
লগতে পঢ়ক : মাজুলীত কেনেকৈ সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী হ’ল ভুৱন গাম ?