ETV Bharat / state

কাৰাগাৰৰ ভিতৰত অসুবিধা আৰু অৰাজক পৰিস্থিতিৰ অভিযোগেৰে সৰৱ বিধায়ক শ্বেৰমান আলী - Assam Human Rights Commission

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰচ’ৰাক লৈ পুনৰ সৰৱ হৈ উঠিছে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ (MLA Sherman Ali Ahmed)৷

MLA Sherman Ali Ahmed commented on Guwahati central jail
কাৰাগাৰৰ ভিতৰত অসুবিধা আৰু অৰাজক পৰিস্থিতিৰ অভিযোগেৰে সৰৱ বিধায়ক শ্বেৰমান আলী
author img

By

Published : Aug 13, 2022, 10:59 PM IST

বৰপেটা ১৩ আগষ্ট: গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰচ’ৰাক লৈ পুনৰ সৰৱ হৈ উঠিছে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ(MLA Sherman Ali Ahmed)৷ শনিবাৰে বৰপেটাত উপস্থিত হৈ বিধায়কগৰাকীয়ে পুনৰ কাৰাগাৰৰ অব্যৱস্থাৰ ওপৰত অভিযোগ উত্থাপন কৰি কয়, "মই যোৱা 2 অক্টোবৰৰ পৰা 7 ডিচেম্বৰলৈ কেন্দ্ৰীয় কাৰাগাৰত আছিলো ৷ সেই কাৰাবাসৰ সমখিনিত মই কাৰাবন্দীসকলৰ অবৰ্ণনীয় দুৰ্দশা, তেওঁলোকৰ মানৱ অধিকাৰ উলংঘনা হোৱা প্ৰত্যক্ষ কৰিছিলোঁ ৷ কাৰাবন্দীসকলৰ মৌলিক প্ৰয়োজনখিনিও পূৰণ কৰা হোৱা নাই ৷ আনকি তেওঁলোকে খোৱা পানীও পৰ্যাপ্ত পৰিমানৰ নাপায় ৷ সেই অসুবিধাবোৰ লৈ মই কাৰাগাৰৰ পৰা ওলাই আহি সংবাদমাধ্যমৰ আগত মই কিছু কথা কৈছিলো (MLA Sherman Ali Ahmed commented on Guwahati central jail)" ৷

লগতে বিধায়কগৰাকীয়ে কয়, "বিশেষকৈ কাৰাগাৰত এহেজাৰ বন্দী থকাৰ সুবিধাৰ স্বত্বেও তাত অতিৰিক্ত 2000 কাৰাবন্দী ৰখা হৈছে ৷ ইয়াৰ ফলত কাৰাবন্দীসকলে নিশা ভালকৈ শুবলৈও ঠাইৰ অভাৱ হয় ৷ বহুতো কাৰাবন্দীয়ে বহি বহি নিশাটো পাৰ কৰিব লাগে ৷ খোৱা পানী পুৱা এঘণ্টা আৰু ৰাতি এঘণ্টাৰ কাৰণে দিয়ে ৷ প্ৰস্ৰাৱগাৰৰ অৱস্থা অত্যন্ত বেয়া ৷ কাৰাবন্দীসকলক দিয়া খাদ্যও একেবাৰে নিম্নমানদণ্ডৰ ৷ কাৰাবন্দীসকলক ঘৰৰ লোকে লগ কৰিব পৰা ব্যৱস্থাটোও সুচল নহয়" ৷

কাৰাগাৰৰ ভিতৰত অসুবিধা আৰু অৰাজক পৰিস্থিতিৰ অভিযোগেৰে সৰৱ বিধায়ক শ্বেৰমান আলী

উল্লেখ্য যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত দুমাহ কটাই আহি কাৰাগাৰৰ সমস্যাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশৰ পিছতে অসম মানৱাধিকাৰ আয়োগে(Assam Human Rights Commission) নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল বিধায়কজনে ৷ ইতিমধ্যে মানৱ অধিকাৰ আয়োগৰ গোচৰটোৰ কেবাটাও শুনানিত তেওঁ নিজেই উপস্থিত থকাৰ লগতে সাক্ষী দিছিল বিধায়কগৰাকীয়ে ৷

আনকি বিধায়কগৰাকীয়ে কাৰাগাৰত চলি থকা ব্যৱস্থা সম্পৰ্কত ৰাজহুৱাকৈ প্ৰকাশ কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে বাজেট বিতৰ্কৰ ভাষণত কাৰাগাৰ সংস্কাৰৰ কথা উল্লেখ কৰা বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ বিধানসভাৰ অভিযোগ কমিটিতো বিষয়টোক লৈ গোচৰ চলি আছে আৰু কমিচনাৰ চেক্ৰেটেৰী দিগন্ত বৰাৰ নেতৃত্বত তৃতীয় কোনো পক্ষৰ দ্বাৰা কাৰাগাৰসমুহ পৰিদৰ্শন কৰি প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়া বুলিও উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷

আনহাতে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকগৰাকীৰ লগতে কাৰাগাৰ মহাপৰিদৰ্শকৰ কাম কাজক লৈ অসন্তুষ্ট বিধায়ক শ্বেৰমান আলী আহমেদ ৷ কাৰাগাৰৰ ভিতৰত ড্ৰাগছ ব্যৱসায়, কাৰাবন্দীক সাক্ষাতৰ নামত ধনদাবী, খাদ্য আদি অব্যৱস্থাৰ পৰিবৰ্তন আৰু সংস্কাৰৰ দাবী তোলে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: বিজেপি দলৰ বিৰুদ্ধে পুনৰ সোচ্ছাৰ আব্দুল খালেক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.