ETV Bharat / state

প্ৰথম স্থান প্ৰাপ্ত ইয়ামিন আলীৰ পঢ়াৰ দায়িত্ব গ্ৰহণ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ - অগপ বিধায়ক গুনীন্দ্ৰ নাথ দাস

অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান ইয়ামিনৰ এই সাফল্যক লৈ বৰপেটাৰ অগপ বিধায়ক গৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ঘৰখনৰ আৰ্থিক দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতৰ মাধ্যমিকৰ পঢ়াৰ দায়িত্ব গ্ৰহণৰ কথা ঘোষণা কৰে ৷

Yamin Ali High madrasa 1st position
গুনীন্দ্ৰ নাথ দাস
author img

By

Published : Jun 6, 2020, 3:37 PM IST

বৰপেটা, ৬ জুনঃ ঘৰে ঘৰে পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া কৰিম আলীৰ পুত্ৰ ইয়ামিন আলীয়ে ঢকুৱা হাইমাদ্ৰাছাৰ পৰা ৰাজ্যৰ ভিচৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ ছাত্ৰজনৰ এই সাফল্যক লৈ উৎফুল্লিত অঞ্চলটোৰ সকলো ৰাইজ ৷ এই সাফল্যৰ পিচতে বৰপেটাৰ অগপ বিধায়ক গুনীন্দ্ৰ নাথ দাস ছাত্ৰজনৰ গৃহত উপস্থিত হৈ তেওঁক শুভেচ্ছা জনায় ৷ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান ইয়ামিনৰ এই সাফল্যক লৈ বৰপেটাৰ অগপ বিধায়ক গৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ঘৰখনৰ আৰ্থিক দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতৰ মাধ্যমিকৰ পঢ়াৰ দায়িত্ব গ্ৰহণৰ কথা ঘোষণ কৰে ৷

হাই মাদ্ৰাছাত প্ৰথম স্থান প্ৰাপ্ত ইয়ামিন আলী

লগতে পঢ়কঃ তিনি পৰীক্ষাৰ্থীয়ে স্থান লাভ কৰি গৌৰৱ কঢ়িয়াইছে গোলাঘাট জিলালৈ

ইয়াৰোপৰি ছাত্ৰজনক আজি ৫ হাজাৰ টকাও আগবঢ়ায় অগপ বিধায়কগৰাকীয়ে ৷ আনহাতে,ঢকুৱা হাইমাদ্ৰাছাৰ প্ৰধান শিক্ষয়ত্ৰী গৰাকীয়ে জনোৱা মতে, বিদ্যালয়খনত খালী হৈ আছে ১২ টাকৈ শিক্ষকৰ পদ ৷ ছাত্ৰজনৰ সাফল্যক লৈ গৰ্ব অনুভৱ কৰা প্ৰধান শিক্ষয়ত্ৰীগৰাকীয়ে জনোৱা মতে,ধাৰ কৰি অনা শিক্ষকেৰে চলিছিল ইংৰাজী বিষয়ৰ পাঠদান ৷ সেয়ে বিদ্যালয়ৰ আন্তঃগাঠনি উন্নত কৰাৰ লগতে খালীপদসমূহ পুৰণ কৰাৰ বাবে শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় প্ৰধান শিক্ষয়ত্ৰীগৰাকীয়ে ৷

বিধায়ক গুনীন্দ্ৰ নাথ দাস

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.