জনীয়া, ২২ মে': ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বটদ্ৰৱা কাণ্ডই । সম্প্ৰতি উত্তেজনা অব্যাহত আছে বটদ্ৰৱা অঞ্চলত (Tense Situation at Batadrava)। বটদ্ৰৱা থানা জ্বলাই দিয়া কাৰ্যত (Public sets fire in police station) জড়িত কেইবাজনকো ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে । বাকী দুষ্কৃতিকাৰীসকলকো আটক কৰাৰ বাবে আৰক্ষীয়ে অভিযান চলাইছে । সমান্তৰালকৈ এই ঘটনাত জেহাদী জড়িত থকাৰো সন্দেহ কৰিছে আৰক্ষীয়ে ।
আনহাতে আৰক্ষীৰ জিম্মাত যুৱকৰ মৃত্যুৰ অভিযোগ সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ৰাজ্যত এই ঘটনাকলৈ চৰ্চা চলি থকাৰ মাজতে জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Hafiz Rafikul Islam reaction on Batadrava Case)। আৰক্ষীক প্ৰহাৰ কৰা আৰু থানা জ্বলোৱা কাৰ্যক গৰিহণা দিছে বিধায়কগৰাকীয়ে ।
লগতে এই ঘটনাত জড়িত যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰতকৈও কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ দাবী জনায় । তেওঁৰ মতে আইন সকলোৰে বাবে সমান । কোনো ব্যক্তিয়ে আইন হাতত তুলি ল'ব নোৱাৰে । সেয়ে এই ঘটনাত জড়িত প্ৰতিগৰাকী লোককে শাস্তি প্ৰদানৰ দাবী জনায় বিধায়কগৰাকীয়ে । ইফালে আৰক্ষীৰ জিম্মাত থকা ব্যক্তিৰ মৃত্যু সন্দৰ্ভতো তেওঁ তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনায় ।
ইফালে শেহতীয়াকৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়কগৰাকীয়ে । তেওঁ অখিল গগৈৰ মন্তব্যক গৰিহণা দিয়াৰ লগতে তেওঁৰ মানসিকতাক ধিক্বাৰ জনায় । ইয়াৰ লগতে অখিল গগৈক লক্ষ্মণ ৰেখা অতিক্ৰম নকৰিবলৈ সকীয়াই দিয়ে ।
লগতে পঢ়ক :Tense Situation at Batadrava : পৰিস্থিতি পৰিদৰ্শন কৰি কি ক’লে বিধায়িকা শিৱামণি বৰাই ?