ETV Bharat / state

সৎ পথলৈ আহক অন্যথা স্বেচ্ছাই অৱসৰ লওক : ৰণজিৎ দাস

author img

By

Published : Jun 11, 2021, 6:43 PM IST

Updated : Jun 11, 2021, 6:57 PM IST

অসমত চলি থকা সকলো দুৰ্নীতিক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰিব । সেয়ে সময় থাকোতেই দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীসকল সকীয়াই দিলে ৰণজিৎ কুমাৰ দাসে ৷ তেওঁ কয় যে, হয় সৎ পথলৈ আহক, অন্যথা স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰক দুৰ্নীতিত নিমজ্জিত বিষয়া আৰু কৰ্মচাৰী সকলে ৷

minister ranjit kumar das warns corrupted employees
দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীক কঠোৰ সকিয়নী মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

পাঠশালা, 11 জুন : অসম চৰকাৰৰ বিভিন্ন বিভাগত থকা দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীক কঠোৰ সকিয়নী মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷ শুকুৰবাৰে পাটাচাৰকুছিত উপস্থিত হৈ অসম চৰকাৰৰ পঞ্চায়ত-গ্ৰামোন্নয়ন তথা খাদ্য আৰু অসামৰি যোগান বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে, অসমত চলি থকা সকলো দুৰ্নীতিক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰিব । সেয়ে সময় থাকোতেই দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীসকল সকীয়াই দিলে ৰণজিৎ কুমাৰ দাসে ৷ তেওঁ কয় যে, হয় সৎ পথলৈ আহক, অন্যথা স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰক দুৰ্নীতিত নিমজ্জিত বিষয়া আৰু কৰ্মচাৰী সকলে ৷

নৱ গঠিত চৰকাৰৰ এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস উপস্থিত হয় পাটাছাৰকুছি সমষ্টিত ৷ ক'ভিড আক্ৰান্ত হৈ মৃত্যু মুখত পৰা লোকসকলৰ পৰিয়ালৰ বৰ্তমান অৱস্থাৰ বুজ ল'বলৈ উপস্থিত হোৱা ৰণজিৎ কুমাৰ দাসে সমষ্টিটোৰ প্ৰায় 10 গৰাকী মৃতকৰ ঘৰত খা-খবৰ লোৱাৰ লগতে সমবেদনা জ্ঞাপন কৰে ৷

সমষ্টিবাসীক সাক্ষাৎ কৰাৰ পাচতে স্থানীয় সাংবাদিক সকলৰ সৈতে মত বিনিময় কৰি মন্ত্ৰী গৰাকীয়ে কয়, এই চৰকাৰখন আন চৰকাৰতকৈ বেলেগ চৰকাৰ । আমি ৰাইজক কথা দিয়া মতেই কাম কৰিম ৷ তাত কোনো ক্ৰূটি নকৰো ৷ লগতে সমষ্টিটোৰ অন্তৰ্গত গাঁও পঞ্চায়ত সমূহৰ দুৰ্নীতিৰ লগত জড়িত সচিৱ তথা ব্লক সমূহৰ বিডিঅ' সমূহলৈ মন্ত্ৰীগৰাকীয়ে সাৱধান বাণী প্ৰেৰণ কৰে ৷

ইফালে, কাগজ কল নিলাম সন্দৰ্ভত লুৰিণ জ্যোতি গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি কৰা মন্তব্যক কটাক্ষ কৰি ৰণজিৎ দাসে কয়, অসমৰ ভোটাৰে লুৰিণক আন্দোলন কৰাৰ অধিকাৰ দিয়া নাই ৷

লগতে পঢ়ক: ক’ভিড ৰোগীৰ মৃত্যুক লৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উত্তেজনা

Last Updated : Jun 11, 2021, 6:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.