ETV Bharat / state

বৰপেটাৰোডত ৰেলমন্ত্ৰী ৰাওচাহেব দাদাৰাও ডানবেৰ

বিভিন্ন কাৰ্যসূচীৰ সৈতে বৰপেটাৰোডত উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক ৰেলমন্ত্ৰী ৰাওচাহেব দাদাৰাও ডানবে (Minister of State for Railways at Barpetaroad)৷ গুৱাহাটীৰ পৰা বিশেষ ৰেলেৰে বৰপেটাৰোডলৈ আগমণ মন্ত্ৰীগৰাকীৰ ।

author img

By

Published : Apr 19, 2022, 10:40 PM IST

minister-of-state-for-railways-raosaheb-dadarao-danve-present-at-barpetaroad
বৰপেটাৰোডত উপস্থিত ৰেলমন্ত্ৰী ৰাওচাহেব দাদাৰাও ডানবেৰ

বৰপেটাৰোড, 19 এপ্ৰিল : মঙলবাৰে বৰপেটাত উপস্থিত হয় কেন্দ্ৰীয় ৰাজ্যিক ৰেলমন্ত্ৰী ৰাওচাহেব দাদাৰাও ডানৱে (Minister of State for Railways Raosaheb Dadarao Danve) ৷ কেইবাটাও কাৰ্যসূচীৰে মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পৰা বিশেষ ৰেলযোগে পোনে পোনে বৰপেটাৰোডলৈ অহা ৰাজ্যিক ৰেলমন্ত্ৰীগৰাকীক বৰপেটাৰোড ৰেলৱে ষ্টেচন কৰ্তৃপক্ষই ঢোল পেঁপা গগনা বজাই বিহু নৃত্যৰে বিপুল আদৰণি জনায় (Minister of State for Railways at Barpetaroad) ৷

ৰাজ্যিক ৰেলমন্ত্ৰী গৰাকীক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও গামোচা শৰাইৰে আদৰণি জনায় ৷ মন্ত্ৰীগৰাকীক বৰপেটা জিলা প্ৰশাসনৰ লগতে ৰেল বিভাগৰ বিষয়া কৰ্মচাৰী সকলেও উষ্ম আদৰণি জনায় ।

২০০৯ চনৰ পূৰ্বে দেশৰ ১৭০ খন জিলা বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছিল । কেন্দ্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত 2014 চনৰ পৰা বৰ্তমানলৈকে শিক্ষা, স্বাস্থ্য, বান গৰাখহনীয়া আদিকে ধৰি আন্তঃগাঁথনি দিশত কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনি জিলাসমূহত কিদৰে ৰূপায়ণ হৈছে তাৰ পৰ্যবেক্ষণ কৰিবলৈ বৰপেটা জিলাত উপস্থিত হৈ নিজকে সৌভাগ্যৱান বুলি মন্তব্য কৰে কেন্দ্ৰীয় ৰাজ্যিক ৰেলমন্ত্ৰীগৰাকীয়ে ৷

মন্ত্ৰী গৰাকীয়ে বৰপেটাৰোড ৰেলৱে ষ্টেচনৰ সন্মূখত থকা ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তিতো পুষ্প অৰ্পণ কৰে ৷ ইয়াৰ পাছতেই মন্ত্ৰীগৰাকীয়ে খৈৰাবাৰীৰ 827 নম্বৰ প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খন পৰিদৰ্শন কৰি লগতে কনভয়লৈ বৰপেটালৈ গমন কৰে ৷ কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰীগৰাকীৰ লগতে বৰপেটাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (Minister Ranjeet Kumar Dass at Barpetaroad), বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ (Barpeta DC Tej Prasad Bhusal)লগতে ৰেল বিভাগৰ উচ্চপদস্থ বিষয়া কৰ্মচাৰীয়ে সংগ দিয়ে ৷

লগতে পঢ়ক : লীলাবাৰী বিমানবন্দৰত আৰম্ভ পাইলটৰ প্ৰশিক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.