ETV Bharat / state

ৰাইজ আৰু বিজেপিৰ মাজত আস্থা-ভৰষা আছে: হিমন্ত বিশ্ব শৰ্মা

দুখনকৈ হেলিক'প্টাৰ উৰুৱাই অগপ প্ৰাৰ্থী গুনীন্দ্ৰ নাথ দাসৰ হৈ প্ৰচাৰ চলালে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু অগপ সভাপতি অতুল বৰাই ৷ বৰপেটা পৌৰ সভাৰ খেলপথাৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত মিত্ৰজোঁটৰ প্ৰাৰ্থী গুনীন্দ্ৰ নাথ দাসৰ প্ৰচাৰ সভাত মাইক্ৰ'ফাইনেঞ্চৰ ঋণৰ পৰা মুক্তি, অৰুণোদয় আঁচনিৰ ধন প্ৰতিমাহে তিনিহাজাৰলৈ বৃদ্ধি, সকলো মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তক অৰুণোদয় আচনিত অন্তৰ্ভূক্তি, চৰকাৰৰ প্ৰথম বছৰটোতে ১ লাখ লোকক চৰকাৰী চাকৰি, স্বয়ম আঁচনিৰ জৰিয়তে ১০ লাখ নিবনুৱাক স্বাৱলম্বী কৰি তোলা, মহিলা আত্মসহায়ক গোট সমূহক প্ৰথম দুটা বছৰত ১ লাখ আৰু পিচৰ তিনিটা বছৰত দুই লাখ টকাৰ আৰ্থিক অনুদান দিয়া হ'ব বুলি ঘোষণা ৷

author img

By

Published : Mar 31, 2021, 9:49 PM IST

বিজেপিয়ে গেৰাণ্টি নিদিয়ে,ৰাইজ আৰু বিজেপিৰ মাজত আস্থা,ভৰষা আছে: মন্ত্ৰী হিমন্ত

বৰপেটা, ৩১ মাৰ্চ: বৰপেটাৰ আকাশত দুখনকৈ হেলিক'প্টাৰ উৰুৱাই অগপ প্ৰাৰ্থী গুনীন্দ্ৰ নাথ দাসৰ হৈ প্ৰচাৰ চলালে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু অগপ সভাপতি অতুল বৰাই ৷ বৰপেটা পৌৰ সভাৰ খেলপথাৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত মিত্ৰজোঁটৰ প্ৰাৰ্থী গুনীন্দ্ৰ নাথ দাসৰ প্ৰচাৰ সভাত মাইক্ৰ'ফাইনেঞ্চৰ ঋণৰ পৰা মুক্তি, অৰুণোদয় আঁচনিৰ ধন প্ৰতিমাহে তিনিহাজাৰলৈ বৃদ্ধি, সকলো মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তক অৰুণোদয় আচনিত অন্তৰ্ভূক্তি, চৰকাৰৰ প্ৰথম বছৰটোতে ১ লাখ লোকক চৰকাৰী চাকৰি, স্বয়ম আঁচনিৰ জৰিয়তে ১০ লাখ নিবনুৱাক স্বাৱলম্বী কৰি তোলা, মহিলা আত্মসহায়ক গোট সমূহক প্ৰথম দুটা বছৰত ১ লাখ আৰু পিচৰ তিনিটা বছৰত দুই লাখ টকাৰ আৰ্থিক অনুদান দিয়া হ'ব বুলি ঘোষণা ৷

ভাষণৰ আৰম্ভণিতে জালুকবাৰী সমষ্টিৰ ভোট গ্ৰহনৰ দিন পাহৰি যোৱা বুলি ধেমেলীয়া কথাৰে হাঁহিৰ খোৰাক দিয়া হিমন্ত বিশ্ব শৰ্মাই ক'লে; পদুমেই হাতী আৰু হাতীয়েই পদুম ৷ সেয়ে বৰপেটা সমষ্টিত সকলোকে হাতীৰ ছবিত ভোট দিবলৈ আহ্বান জনায় হিমন্ত বিশ্বই ৷ বিজেপি চৰকাৰ অহাৰ পিচত ৰাজ্যত উন্নয়ন হৈছে আৰু বৰপেটাত বৃহৎ কেঞ্চাৰ হাস্পতাল স্থাপনৰ কথা উল্লেখ কৰি কংগ্ৰেছৰ দিনত কেৱল ধূতী, লুঙী, সূতা, আঠুৱা আৰু কম্বলহে দিছিল বুলি কটাক্ষ কৰে ৷

কংগ্ৰেছৰ গেৰান্টিক উপলুঙা কৰি ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য; টাটা কোম্পানীয়েও গেৰান্টি নিদিয়ে ৷ অৰ্থাৎ ভাল বস্তুৰ গেৰান্টি নিদিয়ে ৷ ক'ভিডৰ বাবে হিমন্তই কোনো গেৰান্টি দিয়া নাছিল বুলি উল্লেখ কৰি তেওঁৰ ওপৰত সকলোৰে ভৰষা থকা বুলি মন্তব্য কৰে ৷

ইফালে নিৰ্বাচনৰ পাচত লকডাউন নহয় বিহু হ'ব বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয়, যোৱাবাৰ বহুতেই জুবিনৰ গান শুনিব নোৱাৰিলে সেয়ে এইবাৰ বিহু পাতিব ৷ অবশ্যে নিৰ্বাচনৰ পিচত কংগ্ৰেছৰ ঘৰবোৰতহে লকডাউন হ'ব গতিকে আমি বিহু চাম আৰু কংগ্ৰেছৰ ঘৰত তলা ওলোমাই থম ৷

কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাক কটাক্ষ কৰি কংগ্ৰেছক ন-বোৱাৰীৰ সৈতে তুলনা কৰে ৷ মন্ত্ৰী শৰ্মাই কয়, ইভিএমত থকা কংগ্ৰেছৰ হাতৰ ছবিখনত মৰম কৰি থৈ হাতীৰ ছবিত বুটাম টিপি টিপি বৰপেটাৰ হোলী খেলি বুটামৰ ৰং সলনি কৰি দিব বৰপেটাবাসীয়ে ৷

আনফালে, বিজেপিৰ 100 প্লাছৰ বিপৰীতে হিমন্তৰ মুখত শুনা গ'ল নতুন কথা ৷ মানুহে বিজেপিক ভোট দিব ৷ যিকেইখন আসন বিজেপিয়ে পাব লাগে ৮৪ বা ৯০, সেই খিনি আসন পাই যাব বুলি মন্তব্য কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: চিৰাঙত নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.