বৰপেটাৰোড, 11 ফেব্ৰুৱাৰী : ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ গৃহ সমষ্টি সৰভোগত 21ৰ ৰণডংকা বজালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সমষ্টিটোত ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈয়ে 170 কোটি টকাৰে কেইবাটাও পথৰ পকীকৰণকে ধৰি মুঠ 21 টা উন্নয়নমূলক কামৰ শুভাৰম্ভণি কৰে ৷
বৃহস্পতিবাৰে বৰপেটাৰোডত উপস্থিত হোৱা পিচতে মন্ত্ৰী গৰাকীয়ে এক বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰে ৷ উক্ত ৰেলীটো বৰপেটাৰোডৰ শিমলাগুৰীৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি কলহভাঙ্গা হৈ বৰপেটাৰোড চহৰৰ মাজেৰে বাবুপাৰাৰ মাজেৰে কাটাঝাৰৰ পৰা বৰপেটাৰ দৌল গোবিন্দ মন্দিৰত অন্ত পৰে ৷ এই ৰেলীত অংশগ্ৰহণ কৰাৰ পিচতে মন্ত্ৰীগৰাকীয়ে বৰপেটাৰ দৌল গোবিন্দ মন্দিৰত অনুষ্ঠিত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ৷
উক্ত সভাৰ পিচতে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক সম্বোধন কৰে ৷ সাংবাদিকৰ আগত তেওঁ কয়, 'ৰাজ্যিক বিজেপিৰ সভাপতি তথা বিধায়ক ৰণজিৎ কুমাৰ দাসৰ সমষ্টি সৰভোগত আজিৰ দিনটো পৰা উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা হ'ব ৷' সৰভোগ সমষ্টিত অনুষ্ঠিত নিৰ্বাচন কেন্দ্ৰীক বিজেপিৰ উক্ত সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ লগতে বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী উপস্থিত থাকে ৷
লগতে পঢ়ক : জোনাইত পত্নীক কেৰাচিন ঢালি হত্যাৰ চেষ্টা স্বামীৰ