ETV Bharat / state

সৰ্থেবাৰীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় পৰিদৰ্শন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

author img

By

Published : Apr 5, 2020, 7:19 PM IST

অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দেওবাৰে সৰ্থেবাৰীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা প্ৰশাসনৰ মুৰব্বী তথা কেইবাটাও বিভাগৰ মুৰব্বীৰ সৈতে কৰ’ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ সম্পৰ্কীয় এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে । জিলাখনত বৰ্তমানলৈকে এজনো COVID-19ৰ ৰোগী চিনাক্ত হোৱা নাই ৷

Minister Chandra mohan patowary visit sarthebari circle office
ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় পৰিদৰ্শন

বৰপেটা,৫ এপ্ৰিলঃ দেওবাৰে বৰপেটা জিলাত উপস্থিত হয় অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ মন্ত্ৰী গৰাকীয়ে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ চলা প্ৰস্তুতি সম্পৰ্কত বুজ লবলৈ জিলাখন পৰিদৰ্শন কৰে ৷ মন্ত্ৰী গৰাকী পোনতে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় ৷ মন্ত্ৰী পাটোৱাৰীয়ে জিলাখনত ব্যৱহাৰ কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ মাস্ক মজুত থকা বুলি উল্লেখ কৰাৰ লগতে জিলা উপায়ুক্তৰ তত্বাৱধানত জিলাৰ বিভিন্ন প্ৰান্তত ছেনিটাইজ কৰাৰ কথা প্ৰকাশ কৰে ৷

নিজামুদ্দিনৰ ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমত যিসকলে সাম্প্ৰদায়িক মন্তব্য কৰিছে তেনেলোকক এই কাৰ্যৰ পৰা বিৰত থাকিবলৈ মন্ত্ৰী পাটোৱাৰীয়ে আহ্বান জনায় ৷ লগতে সকলোকে ঐক্যবদ্ধ হৈ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনায় ৷ যিসকল লোক নিজামউদ্দিন মাৰ্কাজৰ পৰা উভতি আহি এতিয়াও স্বাস্থ্য পৰীক্ষা কৰোৱা নাই, অতি সোনকালে স্বাস্থ্য বিভাগৰ স'তে যোগাযোগ কৰিবলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ৷ অন্যথা সেইসকলক আৰক্ষীয়ে বিচাৰি নিবলৈ বাধ্য হ'ব বুলিও একপ্ৰকাৰ সকীয়নি প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ।

ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় পৰিদৰ্শন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

আনহাতে,সৰ্থেবাৰীস্থিত সৰুক্ষেত্ৰীৰ 30খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয় আৰু ভক্তৰডবা আদৰ্শ চিকিৎসালয়ত পূৰ্বে নথকাৰ বাবে দেওবাৰৰ পৰা এম্বুলেঞ্চৰ যোগান ধৰা হ'ব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে । ইতিমধ্যে বৰপেটা জিলাত ষোল্ল শতাধিক লোক হোম কোৱাৰেণ্টাইনত আছে ৷ ইয়াৰ ভিতৰত 326 জন সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ ৷ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অধীনত হোম কোৱাৰেণ্টাইনত থকা ব্যক্তিৰ ভিতৰত 5গৰাকী বাংলাদেশৰ পৰা,4 গৰাকী নেপালৰ পৰা,61 গৰাকী কেৰালা,মহাৰাষ্ট্ৰ আদিৰ পৰা অহা ৷ মন্ত্ৰী গৰাকীৰ পৰিদৰ্শনৰ সময়ত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা,অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰি,সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰকে ধৰি বৰপেটাৰ যুটীয়া সঞ্চালক আদি কেইবাগৰাকী বিষয়া উপস্থিত থাকে ।

লগতে চাওকঃ কৰ’ণা ভাইৰাছৰ সময়ত জনস্বাস্থ্যৰ গুৰুত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.