বৰপেটা, 22 আগষ্টঃ বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ড অন্তৰ্গত একাংশ প্ৰাথমিক বিদ্যালয়ত শিক্ষক উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ তাৰোপৰি দীৰ্ঘ দিন ধৰি ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰাৰ অভিযোগ একাংশ শিক্ষকৰ বিৰুদ্ধে ৷ বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত একাংশ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ শিক্ষা দান আৰু তেওঁলোকৰ কৰ্মকাণ্ডই সচেতন মহলক চিন্তিত কৰি তুলিছে ৷ দীৰ্ঘদিনৰে পৰা উত্তৰ মহম্মদপুৰ প্ৰাথমিক বিদ্যালয়,পশ্চিম বাংলীপাৰা প্ৰাথমিক বিদ্যালয় আৰু ১২৩৬ নং ডাউকমাৰী প্ৰাথমিক বিদ্যালয়ৰ একাংশ শিক্ষক নিয়মীয়াকৈ উপস্থিত নোহোৱাৰ অভিযোগ কৰে স্থানীয় ৰাইজে ৷ এই অভিযোগ অনুসৰি সাংবাদিকৰ দল এটা উক্ত বিদ্যালয়ত উপস্থিত হয় ৷ উল্লেখ্য যে, ২৯৮ নং কাদং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ছফিউৰ ৰহমান বিগত দুদিন ধৰি বিদ্যালয়ত অনুপস্থিত। বিদ্যালয়খনত পহিলা আগষ্টৰ পৰাই বন্ধ হৈ আছে মধ্যাহ্ন ভোজন। সাংবাদিকৰ দলটোৱে মধ্যাহ্ন ভোজন বন্ধ হৈ থকাৰ কাৰণ সহকাৰী শিক্ষকৰ পৰা জানিব বিচৰাত শিক্ষকজনে হৈ যোৱা বানপানীৰ কাৰণে বন্ধ ৰখা হৈছে বুলি জনায়। তাৰোপৰি বিদ্যালয়খনৰ শিক্ষক সকল সদায় পলমকৈ বিদ্যালয়ত উপস্থিত হোৱাৰ অভিযোগ দীৰ্ঘদিনৰে পৰা আছে । একেদৰে পশ্চিম বাংলীপাৰা প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন বন্ধ থকাৰ বিষয়ে জানিব বিচৰাত বানপানীয়ে পাকঘৰৰ মাটি খহাই নিয়াৰ কাৰণে বন্ধ ৰখা হৈছে বুলি প্ৰধান শিক্ষক গৰাকীয়ে মন্তব্য কৰে। আনপিনে ১২৩৬নং ডাউকমাৰী প্ৰাথমিক বিদ্যালয়খন মাজে মাজে হে খোলা হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। ফলত প্ৰায়ে ছাত্ৰ-ছাত্ৰী বিদ্যালয়ৰ পৰা উভতি যাব লাগে বুলি ৰাইজে সাংবাদিকৰ আগত সদৰী কৰে।
আনফালে জনীয়া গাঁৱৰ ১৪৪ জনীয়া প্ৰাথ্যমিক বিদ্যালয়তো সাংবাদিক দলটো উপস্থিত হয় । ১৪৪নং জনীয়া প্ৰাথমিক বিদ্যালয়ে ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰা খাদ্য আৰু পৰিপাটি আদৰণীয় বুলি বিবেচিত হৈছে । বুধবৰীয়া ৰুটিন অনুসৰি বিদ্যালয়ৰ প্ৰধান শিক্ষক অৰ্চনা দাসে সুন্দৰভাৱে ছাত্ৰ-ছাত্ৰীক খাদ্য যোগান ধৰিছে । শিক্ষয়ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত নিজৰ সন্তানৰ ভোক লগাৰ কথা চিন্তা কৰিলে আনৰ ল'ৰা-ছোৱালী ভোকত কষ্ট পোৱাৰ কথাও ভাৱিব লাগে বুলি এক গুৰুত্ব পূৰ্ণ মন্তব্য কৰে।