ETV Bharat / state

বৰপেটাত কুকুৰাই ফাদিল কৰিলে মধ্যাহ্ন ভোজনৰ কেলেংকাৰী - বৰপেটাত মধ্যাহ্ন ভোজনৰ কেলেংকাৰী ফাদিল কৰিলে কুকুৰাই

কুকুৰাই খান্দি উলিয়ালে মধ্যাহ্ন ভোজনৰ কেলেংকাৰী ৷ বৰপেটাৰ চেনিমাৰীত দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে অহা মধ্যাহ্ন ভোজনৰ চাউল বস্তাই বস্তাই ওলাল মাটিৰ তলৰ পৰা ৷

কেলেংকাৰী ফাদিল কৰিলে কুকুৰাই
বৰপেটাত মধ্যাহ্ন ভোজনৰ কেলেংকাৰী
author img

By

Published : Jul 16, 2020, 9:46 PM IST

বৰপেটা, 16 জুলাই : বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ মুখৰ ভাত গৰাহটো চকু একাংশৰ ৷ ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে চৰকাৰে দিয়া চাউলৰ কেলেংকাৰী অৱশেষত ধৰা পেলালে কেইটামান কুকুৰাই ৷ কুকুৰাই মধ্যাহ্ন ভোজনৰ কেলেংকাৰী ফাদিল কৰা ঘটনাক লৈ বৰপেটাত ৰাইজৰ মাজত চলিছে আলোচনা ৷

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ চেনিমাৰী গাঁৱৰ চেনিমাৰী আজাদ মেম'ৰিয়েল হাইস্কুলত সংঘটিত হৈছে এই ঘটনা ৷ বানৰ কবলত পৰা গাঁওখনৰ একাংশ পৰিয়ালে বিদ্যালয়খনত শিবিৰ পাতি আশ্ৰয় লৈ আছিল । ইপিনে পৰিয়াল কেইটাই লগত লৈ অনা কেইটামান কুকুৰাই বিদ্যালয় চৌহদৰ এঠাইত খুচৰি খুচৰি চাউল উলিয়াই খাই আছিল ৷ কুকুৰাকেইটাই মাটিৰ তলৰ পৰা চাউল উলিয়াই খাই থকা দৃশ্য শিবিৰত থকা লোকসকলে প্ৰত্যক্ষ কৰি গাঁওবাসীক অৱগত কৰে ।

ইয়াৰ পাচতে গাঁৱৰ ৰাইজ বিদ্যালয়খনত উপস্থিত হৈ কোৰেৰে মাটি খন্দাত ওলাই পৰে বস্তাই বস্তাই মধ্যাহ্ন ভোজনৰ চাউল । যিসময়ত লক ডাউনৰ কবলত একাংশ ছাত্ৰ-ছাত্ৰী এমুঠি ভাতৰ বাবে হাহাকাৰ কৰিবলগা হৈছে,তেনে সময়তে এনেদৰে বস্তাই বস্তাই চাউল মাটিৰ তলত পুতি ৰখা ঘটনাক লৈ ৰাইজ ক্ষোভিত হৈ পৰিছে ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক হাচিম আলীৰ লগতে যিসকল লোক এই ঘটনাত জড়িত হৈ আছে তেওঁলোকৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে ।
লগতে পঢ়ক : গোৱালপাৰাত বাঢ়নী পানীত সন্ধানহীন ছাত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.